মৰাণ, 3 জুলাই : ‘‘বানাক্ৰান্তৰ শিবিৰত আজিলৈকে কোনো খাদ্যৰ অভাৱ হোৱা নাই । বৰ্তমানো চৰকাৰৰ পুঁজি যথেষ্ট আছে । বিৰোধীৰ কোনো ইছ্যু নাই বাবে যি টি কৈ আছে । বিৰোধীয়ে কেৱল ৰাইজক দেখাবলৈ কিবা এটা ক'ব লাগে বাবেই কৈ দিয়ে’’ ৷ দেওবাৰে মৰাণত আয়োজিত এক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে দুৰ্যোগ প্ৰশমন বিভাগৰ কেবিনেট মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan at Moran) ৷
লগতে মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, অসমৰ সকলো জিলাতে চৰকাৰখনে বানাক্ৰান্ত ৰাইজক সাহায্য দি আছে । সময়ত কেন্দ্ৰীয় চৰকাৰেও পুঁজিৰ যোগান ধৰিব । তেওঁ আৰু কয়, ‘‘আমি দুৰ্যোগৰ সময়ত ৰাইজৰ লগত থাকো । বিৰোধীয়েহে দুৰ্যোগৰ সময়ত আন্দোলন কৰে’’ ।
উল্লেখ্য যে, এইবাৰ বানত ৰাজ্যৰ প্ৰায় সংখ্যক জিলাই বানৰ কবলত পৰিছে (Flood in Assam 2022)। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানাক্ৰান্ত ৰাইজক খবৰ লোৱাৰ লগতে সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে । কিন্তু তেনে সময়ত বহু বানাক্ৰান্তই মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণেৰে বান সাহায্য লাভ কৰা নাই বুলিও অভিযোগ উত্থাপন হৈছিল । এই অভিযোগ-প্ৰতিঅভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ বিৰোধীক কটু সমালোচনা কৰে মন্ত্ৰী যোগেন মহনে ৷
লগতে পঢ়ক : 2024 চনৰ ভিতৰত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সকলো সমস্যা সমাধান হ’ব : গৃহমন্ত্ৰী অমিত শ্বাহ