ETV Bharat / state

Jogen Mohan: কংগ্ৰেছৰ প্ৰৰোচনাত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে একাংশ চাহ শ্ৰমিকে; যোগেন মহন - চাহ জনগোষ্ঠী

কৰম পূজাৰ বন্ধক লৈ চাহ শ্ৰমিকে কৰা প্ৰতিবাদত চৰকাৰ নতশিৰ হ’ব নে সেয়া সম্প্ৰতি এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ৷ কিয়নো চাহ বাগিচা অঞ্চলত বিজেপিৰ কোনো সভা আয়োজন কৰাৰ অনুমতি দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰিছে জনগোষ্ঠীটোৰ সংগঠনে ৷ এনে প্ৰেক্ষাপটত লোকসভা নিৰ্বাচনৰ পূৰ্বে ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে শাসকীয় দলটো ৷ প্ৰতিক্ৰিয়া মন্ত্ৰী যোগেন মহনৰ ৷

Jogen Mohan
Jogen Mohan
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 3:54 PM IST

বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে একাংশ চাহ শ্ৰমিকে; যোগেন মহন

ডিব্ৰুগড়, 22 ছেপ্টেম্বৰ: কৰম পূজাৰ বন্ধ সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাজ্যৰ চাহ শ্ৰমিকৰ লগতে চাহ জনগোষ্ঠীৰ সংগঠনে ৷ এই সন্দৰ্ভত চৰ্চা অব্যাহত থকাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী যোগেন মহনে ৷

তেওঁ কয় যে চৰকাৰে কৰম পূজাক যথেষ্ট সন্মান দিছে ৷ কিন্তু চাহ জনগোষ্ঠীৰ ৰাইজৰ কৰবাত অসন্তুষ্টি আছে আৰু সেয়া চৰকাৰে বিবেচনা কৰিব ৷ লগতে মন্ত্ৰীগৰাকীয়ে কয়, ‘‘চাহ বাগিচাৰ ৰাইজ এতিয়া বিজেপিৰ লগত আছে । কংগ্ৰেছৰ উচটনিত একাংশই বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে ৷ অহা নিৰ্বাচনত সকলোৱে দেখিব কিমান ভোট চাহ বাগিচাৰ পৰা বিজেপিয়ে লাভ কৰিব ৷’’

উল্লেখ্য যে চাহ জনগোষ্ঠীৰ পৱিত্ৰ কৰম পূজাৰ বন্ধক ‘পেইড হলিডে’ ৰূপে বিবেচিত কৰা সিদ্ধান্তক লৈ ৰাজ্যৰ চাহ বাগিচাই বাগিচাই আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ । কৰম পূজাৰ বন্ধক ‘পেইড হলিডে’ ঘোষণা কৰাক লৈ চাহ শ্ৰমিক তথা জনগোষ্ঠীটোক চৰম অপমান হিচাপে গণ্য কৰি জনগোষ্ঠীটোৰ দল-সংগঠন আৰু চাহ বাগিচাৰ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

কিয়নো 25 ছেপ্টেম্বৰৰ কৰম পূজাৰ দিনটোত ‘পেইড হলিডে’ হিচাবে ঘোষণা কৰা হৈছে যদিও বাগিচাৰ মালিক বা কৰ্তৃপক্ষই সেই দিনটোৰ পৰিৱৰ্তে চাহ শ্ৰমিকসকলক আন এটা দেওবাৰ বা সাপ্তাহিক ছুটীত কাম কৰাই ল’ব পাৰিব ৷

ইয়াৰ পাছতে চাহ শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বাগিচা অঞ্চলত বিজেপি দলৰ সভা-সমিতি অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে চাহ জনগোষ্ঠীৰ সংগঠনসমূহে ।

উল্লেখ্য যে ৰাজ্যৰ ৰাজনীতিত চাহ জনগোষ্ঠীৰ ভোটাৰসকলে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে ৷ ৰাজ্যৰ 126 টা বিধানসভা সমষ্টিৰ ভিতৰত 30ৰ পৰা 40 টা বিধানসভা সমষ্টিত ৰাজনৈতিক দলসমূহৰ বাবে জয়-পৰাজয় নিৰ্ভৰ কৰে চাহ জনগোষ্ঠীৰ ভোটাৰসকলৰ ওপৰত ৷ লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰতো চাহ বাগিচাৰ ভোটাৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

এনে প্ৰেক্ষাপটত শাসকীয় দল বিজেপিয়ে চাহ শ্ৰমিকসকলৰ দাবী পূৰণ নকৰিলে আগন্তুক নিৰ্বাচনসমূহত যে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব সেয়া নিশ্চিত ৷

লগতে পঢ়ক: Protest Against BJP Govt: প্ৰৱেশ নিষিদ্ধ ! কৰম পূজাৰ পেইড হলিডে’ই লগাইছে অথন্তৰ; বিজেপিৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.