ETV Bharat / state

ৰাজনৈতিক দলৰ পিছে পিছে ঘূৰে সদৌ অসম ছাত্ৰ সন্থা : বিমল বৰা - ফিলবাৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুল

ফিল’বাৰী চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ঘটনা সন্দৰ্ভত আছুক তীব্ৰ সমালোচনা মন্ত্ৰী বিমল বৰাৰ ৷ বৰ্তমান সময়ত ৰাজনৈতিক দলৰ পিছে পিছে ছাত্ৰ সন্থা ঘূৰি ফূৰে বুলিও মন্তব্য কৰে একালৰ আছু নেতা তথা বৰ্তমানৰ মন্ত্ৰী গৰাকীয়ে ৷

minister-bimal-borah-against-aasu
ৰাজনৈতিক দলৰ পিছে পিছে ঘূৰে সদৌ অসম ছাত্ৰ সন্থা : বিমল বৰা
author img

By

Published : Oct 16, 2021, 7:02 PM IST

মৰাণ, 16 অক্টোবৰ : তিনিচুকীয়াৰ ফিল’বাৰীত প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে এগৰাকী শিক্ষয়িত্ৰীয়ে আঁঠু কাঢ়ি ছাত্ৰ-ছাত্ৰীৰ সমুখত ক্ষমা খোজা পৰিস্থিতিৰ উদ্ভৱ হোৱাকলৈ সম্প্ৰতি উত্তাল হৈ পৰিছে ৰাজ্য ৷ সমগ্ৰ বিষয়টোক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলা দেখা গৈছে ৷ উল্লেখযোগ্য যে, ফিলবাৰী চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ মাচুল সম্পৰ্কীয় এক প্ৰতিবাদত বিভিন্ন দল-সংগঠনৰ উপস্থিতিত উদ্ভৱ হৈছিল এই পৰিস্থিতিৰ ৷

ৰাজনৈতিক দলৰ পিছে পিছে ঘূৰে সদৌ অসম ছাত্ৰ সন্থা : বিমল বৰা

অৱশ্যে, ঘটনাস্থলীত যদিও বিভিন্ন দল সংগঠন উপস্থিত আছিল এই ঘটনাকলৈ আটাইতকৈ বেছি সমালোচনাৰ সমুখীন হৈছে সদৌ অসম ছাত্ৰ সন্থা(আছু) ৷ এনে সময়তে ৰাজ্য চৰকাৰৰ এগাৰাকী প্ৰভাৱশালী মন্ত্ৰী বিমল বৰাই এই সন্দৰ্ভত জাতীয় সংগঠনটোক ক্ষুৰধাৰ সমালোচনা কৰা দেখা গ’ল ৷ এসময়ৰ আছু নেতা তথা বৰ্তমানৰ মন্ত্ৰী গৰাকীয়ে তীব্ৰ ভাষাৰে সংগঠনটোক সমালোচনা কৰি বৰ্তমান সদৌ অসম ছাত্ৰ সন্থা নেতিবাচক শিক্ষাৰে পৰিচালিত হোৱাৰ কথা অভিযোগ কৰে ৷

তেওঁ কয় যে, আছুক আজিৰ দিনত কি শিক্ষা দিছে তাক চিন্তা কৰিবৰ হৈছে । আছুক আজি কালি টায়াৰ জ্বলোৱা, অফিছ জ্বলোৱাৰ শিক্ষা দিয়া হৈছে, মানুহক অপমান কৰিবলৈ শিক্ষা দিয়া হৈছে ৷ ক্ষমতাই মূৰত ধৰিলেহে এই কাৰ্য কৰিব পাৰে বুলিও তেওঁ অভিযোগ কৰে ৷ তেওঁ কয়, '' ময়ো আছু কৰিছিলোঁ কিন্তু আমি এনে শিক্ষা পোৱা নাছিলো ৷''

ইয়াৰোপৰি বৰ্তমানৰ ছাত্ৰ সন্থা ৰাজনৈতিক হোৱাৰ কথাও অভিযোগ কৰে তেওঁ ৷ তেওঁ কয়, '' এতিয়া ছাত্ৰ সন্থা Political হ’ল, আমাৰ দিনত non political আছিল ৷'' ইয়াৰোপৰি বৰ্তমান সময়ত ৰাজনৈতিক দলৰ পিছে পিছে ছাত্ৰ সন্থা ঘূৰি ফূৰে বুলিও মন্তব্য কৰে তেওঁ ৷ ইয়াৰোপৰি বিগত সময়ত ছাত্ৰ সন্থাই সমাজক বিভ্ৰান্ত কৰাৰ লগতে অৰাজনৈতিক নাম ৰাজনীতি কৰা চৰিত্ৰও প্ৰকাশ পোৱা বুলি সমালোচনা কৰে মন্ত্ৰী বিমল বৰাই ৷

লগতে পঢ়ক : ওড়িশাত মাওবাদী বিৰোধী বৃহৎ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.