মৰাণ 21 অক্টোবৰ : সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত 'অসম জাতীয় পৰিষদে' জন্ম লাভ কৰাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাই সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । মঙলবাৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ধেমেচী-পথালিবাম আঞ্চলিক ছাত্ৰ সন্থাৰ এখন প্ৰতিনিধি সভা খোৱাং ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়।
ধেমেচী পথালিবাম আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হিতেশ হাজৰিকাৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা প্ৰতিনিধি সভাত ছহিদ তৰ্পণ আৰু গছ পুলি ৰোপণ কৰে ক্ৰমে সম্পাদক পাৰ্থ গগৈ আৰু ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মোহনলাল উপাধ্যায়ে ।
দুপৰীয়া হিতেশ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভা উদ্ধোধন কৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্তই । সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক অনিল গগৈয়ে ।
প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিনিধি সভাত দেৱজিৎ হাজৰিকাক সভাপতি,জিণ্টু গগৈক সাধাৰণ সম্পাদক,ধীৰাজ জ্যোতি গগৈক শিক্ষা সম্পাদক ৰূপে লৈ ধেমেচী-পথালিবাম আঞ্চলিক ছাত্ৰ সন্থাৰ ৩১ জনীয়া নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ।