ETV Bharat / state

বালিজান তৈলক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ড - Balijan QPS Duliajan

দুলীয়াজানৰ বালিজানত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডটোৰ ফলত প্ৰায় তিনিশ ফুট উচ্চতালৈকে জুয়ে চানি ধৰে (Fire at Duliajan Oil pipeline)।

বালিজান তৈলক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ড
বালিজান তৈলক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Oct 8, 2022, 8:34 PM IST

ডিব্ৰুগড়, 8 অক্টোবৰ: পুনৰ বাঘজান কাণ্ড সংঘটিত হোৱাৰ দিশে দুলীয়াজানৰ বালিজান(Fire at Baghjan) । শনিবাৰে দুলীয়াজানৰ বালিজানত(Balijan QPS Duliajan) সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত প্ৰায় তিনিশ ফুট উচ্চতালৈকে জুয়ে চানি ধৰে (Fire at Duliajan Oil pipeline)।

অইল ইণ্ডিয়াৰ দুখনকৈ অগ্নিনিৰ্বাপক গাড়ীৰে জুই নিয়ন্ত্ৰণ কৰে । অগ্নিকাণ্ডটোৰ ফলত ক্ষয় ক্ষতিৰ পৰিমাণ সবিশেষ জানিব পৰা হোৱা নাই যদিও স্থানীয় বহুকেইটা পকী গৃহত ফাঁট মেলা বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।

বালিজান তৈলক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ড

মন কৰিবলগীয়া যে, অইল ইণ্ডিয়াৰ বিষয়াসকলক বাৰম্বাৰ অইল ইণ্ডিয়াৰ তেল পৰিবাহী পাইপসমূহ মেৰামতিৰ বাবে অৱগত কৰাৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত এনে ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । উল্লেখ্য, ইয়াৰ পূৰ্বেও বহুবাৰ অগ্নিকাণ্ড সংঘটিত হৈছে অইল ইণ্ডিয়াৰ তৈলক্ষেত্ৰত ।

লগতে পঢ়ক: চৰাইদেউত ভয়ংকৰ অগ্নিকাণ্ড: ভস্মীভূত পাঁচ লক্ষাধিক টকাৰ সামগ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.