ETV Bharat / state

খোৱাঙত ভয়াবহ অগ্নিকাণ্ড

author img

By

Published : May 2, 2020, 8:34 PM IST

ডিব্ৰুগড়ৰ খোৱাঙত সংঘটিত হৈছে এক ভয়াবহ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত ভস্মীভূত হয় তিনিটাকৈ বাসগৃহ ৷ ফলত জুইত জাহ যায় লক্ষাধিক মূল্যৰ সা-সম্পত্তি ৷

খোৱাঙত ভয়াবহ অগ্নিকাণ্ড
খোৱাঙত ভয়াবহ অগ্নিকাণ্ড

মৰাণ,২ মে’ঃ ডিব্ৰুগড়ৰ খোৱাং আৰক্ষী চকীৰ তিনিঠেঙীয়া বঙালী আহোম গাঁ‌ৱত শনিবাৰে এক অগ্নিকাণ্ড সংঘটিত হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি, শিৱ গগৈ নামৰ ব্যক্তিগৰাকীৰ পৰিয়ালৰ তিনিটা বাসগৃহ জুইত জাহ যায় ৷ শ্ব’ৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হয় বুলি ব্যক্তিজনৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ ঘটনাস্থলীত পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় ৷ অগ্নিকাণ্ডটোত প্ৰায় লক্ষাধিক মূল্যৰ সা-সম্পত্তি ধ্বংস হয় ৷ ইতিমধ্যে খোৱাং আৰক্ষী, লাট মণ্ডল আৰু গাওঁবুঢ়াই পৰিয়ালটোৰ ক্ষয়-ক্ষতিৰ বুজ লয় ৷ লগতে ক্ষয়-ক্ষতিৰ পৰিমাণ সম্পৰ্কে মৰাণ ৰাজহ চক্ৰ বিষয়াক অবগত কৰে পৰিয়ালটোৱে ৷

লগতে চাওকঃ ৰাজস্থানৰ পৰা অসম আৰু ত্ৰিপুৰালৈ বাছেৰে ৰাওনা ছাত্ৰ-ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.