ETV Bharat / state

ৰূপজ্যোতি কুৰ্মীলৈ গুলীচালনা: ৰাজ্য চৰকাৰক সমালোচনা লুৰীণ জ্যোতি গগৈৰ - rupjyoti kurmi issue

মৰিয়নীত ৰূপজ্যোতি কুৰ্মীলৈ নগা দুৰ্বৃত্তই গুলীচালনা কৰা ঘটনাক লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ অসম চৰকাৰৰ দুৰ্বল ভূমিকাৰ বাবেই অসমৰ ভূমিত নগাই বিধায়কলৈ গুলীচালনা কৰিবলৈ সাহস কৰিছে বুলি মন্তব্য কৰে জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷

ৰূপজ্যোতি কুৰ্মীলৈ গুলীচালনা: ৰাজ্য চৰকাৰক সমালোচনা লুৰীণ জ্যোতি গগৈৰ

author img

By

Published : May 30, 2021, 6:06 PM IST

মৰাণ,30 মে’ : নগা বেদখলকাৰীয়ে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক লক্ষ্য কৰি গুলীচালনা কৰাৰ পাচতে ঘটনাটোক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিগত বহু বছৰৰ পৰাই প্ৰতিখন চৰকাৰে অসমৰ সমস্যা সমাধানৰ বাবে দায়বদ্ধতাৰে কাম কৰা বুলি কৈ আহিছিল যদিও শেহতীয়াকৈ মৰিয়নীৰ বিধায়কৰ লগত সংঘটিত ঘটনাই অসমৰ সীমা সমস্যাৰ প্ৰকৃত ছবিখন উদঙাই দিছে ।

ৰূপজ্যোতি কুৰ্মীলৈ গুলীচালনা: ৰাজ্য চৰকাৰক সমালোচনা লুৰীণ জ্যোতি গগৈৰ

মৰিয়নীৰ ঘটনাক লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, "অসম চৰকাৰৰ দূৰ্বল ভূমিকাৰ বাবেই অসমৰ ভূমিত নগাই বিধায়কলৈ গুলীচালনা কৰিবলৈ সাহস কৰিছে ।"

নেতাজনে লগতে কয় যে, কংগ্ৰেছ-বিজেপি কোনো এখন চৰকাৰেই অসমৰ সীমা সমস্যাক লৈ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম নহ'ল । সীমা সমস্যাক লৈ চৰকাৰৰ ওচৰত তথ্য আছে, কিন্তু, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা চৰকাৰৰ লগত এই সমস্যাক লৈ কোনো ধৰণৰ আলোচনা কৰা নাই । অসমৰ মাটিৰ এক ইঞ্চিও যাতে অন্য ৰাজ্যৰ লোকে দখল কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰি ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দায়িত্বশীলতাৰ পৰিচয় দিবলৈ আহ্বান জনায় লুৰীণ জ্যোতি গগৈয়ে ।

লগতে পঢ়ক: চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.