নাহৰকটীয়া,11 মাৰ্চ: অসমৰ ভিতৰতে জাতীয়তাবাদৰ ঠাই হিচাপে পৰিচিত ডিব্ৰুগড়ৰ নাহৰকটীয়াত এইবাৰ জাতীয়তাবাদৰ জয় নিশ্চিত ভাষ্য প্ৰদান কৰে অসম জাতীয় পৰিষদৰ সভাপতি তথা 120 নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে । বৃহস্পতিবাৰে সমষ্টিটোৰ অন্তৰ্গত বৰবাম, দীঘলীয়া, দেওঘৰীয়া, মেৰবিল, আমগুৰীত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে,"যি পানীত জাহাজ চলে সেই পানীত পদুম কেতিয়াও ফুলিব নোৱাৰে" ।
ৰাষ্ট্ৰীয় দলসমূহে অসমৰ ওপৰত কৰা শোষণ, দমন নীতিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে,‘‘CAA আন্দোলনত 5 জনকৈ নিৰীহ যুৱকক হত্যা কৰি বিজেপি চৰকাৰখনে নিজৰ ফেচিষ্ট মানসিকতা উদঙাই দিছে । লগতে কংগ্ৰেছেও যিমানেই নিজকে নিকা বুলি প্ৰকাশ কৰিব বিচাৰিলেও এটা কথা নিশ্চিত যে, ৰাইজে এইবাৰ এই অপশক্তিসমূহৰ অন্ত পেলাব । বৰ্তমান সময়ত বিজেপিক ৰোধিব পৰা ক্ষমতাও নাই কংগ্ৰেছৰ’’ ৷
তেওঁ কয় যে, 120 নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ লগতে সমগ্ৰ অসমতে এইবাৰ চলিব জাহাজ । আঞ্চলিক দল অগপকো তুলাধুনা দি লুৰিণজ্যোতি গগৈয়ে কয় যে,‘‘দিল্লীৰ কথামতে উঠা-বহা কৰা আঞ্চলিক দল অগপৰ চৰিত্ৰও ৰাইজে ইতিমধ্যে বুজি পাইছে । আনকি অগপ দলৰো বহুতো নেতা-কৰ্মীয়ে অসম জাতীয় পৰিষদত দলে-বলে ইতিমধ্যেই যোগদান কৰিছে আৰু বহুতো লোকে অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ যো-জা চলাইছে’’ । গতিকে সমষ্টিবাসী ৰাইজক এইবাৰ এই অপশক্তিসমূহক ৰোধিবলৈ আগন্তুক 27 মাৰ্চত দলে-বলে আহি জাহাজৰ চিহ্নত ভোটদান কৰিবলৈ আহ্বান জনায় এজেপিৰ সভাপতি গৰাকীয়ে ।
দীঘলীয়া পঞ্চায়তৰ নমাটিত এজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত মেৰবিল পঞ্চায়তৰ সভাপতি তথা অগপ নেতা জুনটি বড়াই দলত্যাগ কৰি এজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে । লগতে বিভিন্ন ঠাইত হোৱা সভাসমূহত কংগ্ৰেছ, বিজেপি আৰু অগপৰ প্ৰায় দুই শতাধিক লোকে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰে ।
লগতে পঢ়ক : বদৰুদ্দিন আজমল জাতিৰ লগতে বিজেপিৰ বাবেও প্ৰত্যাহ্বান: হিমন্ত বিশ্ব শৰ্মা