ETV Bharat / state

Love jihad : কিদৰে বিহাৰৰ মহম্মদ মজিদে জালত পেলালে অসমৰ কিশোৰীক ?

সামাজিক মাধ্যমত নাম ঠিকনা সলনি কৰি প্ৰেমৰ জাল পেলাই এচাম লোকে প্ৰৱঞ্চনা কৰি আহিছে বহু কিশোৰী যুৱতীক ৷ সময়ে সময়ে এনে ঘটনাত লাভ জিহাদৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ এনে এক চাঞ্চল্যকৰ ঘটনাই সংঘটিত হ’ল এইখন অসমতে ৷ জানো আহক ঘটনাৰ সবিশেষ ৷

author img

By

Published : Oct 22, 2021, 7:09 PM IST

love-jihad-incident-in-dibrugarh
Love jihad : কিদৰে বিহাৰৰ মহম্মদ মজিদে জালত পেলালে অসমৰ কিশোৰীক ?

ডিব্ৰুগড়, 22 অক্টোবৰ : একোখন চাচপেঞ্চ থ্ৰীলাৰ হিন্দী চিনেমাত হয়তো আপুনি প্ৰায়েই এটা সংলাপ শুনে, ''নাম বদলনে ছে, ইনছান নেহী বদলতা'' ঠিকেই নাম সলনি কৰিলেই সলনি নহয় মানুহ ৷ তথাপিও প্ৰায়েই দেখা যায় সামাজিক মাধ্যমত বিভিন্ন লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি এচাম লোকে ভুৱা নাম ব্যৱহাৰ কৰে ৷ ইয়াৰে এচাম লোকে নাম, উপাধি সলনি কৰি নিজৰ প্ৰেমৰ জালত পেলাবলৈ কিশোৰী, যুৱতীক লক্ষ্য কৰি লয় ৷

এইবাৰ চ’চিয়েল মিডিয়াত নিজৰ আচল পৰিচয় লুকুৱাই ডিব্ৰুগড়ৰ এগৰাকী কিশোৰীক প্ৰেমৰ জালত পোলৱাৰ অভিযোগ উত্থাপিত হৈছে এজন বিহাৰৰ যুৱকৰ বিৰুদ্ধে । যুৱকজনৰ ঘৰ বিহাৰৰ মজফৰপুৰ জিলাৰ চাপৰা নামৰ ঠাইৰ চাচাই গাঁৱত বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে, চ’ছিয়েল মিডিয়াত নিজৰ আচল পৰিচয় লুকুৱাই ছদ্মনাম ব্যৱহাৰ কৰি ধৃত এই মহম্মদ মজিদ আলমে প্ৰথমে প্ৰেমৰ জালত পেলাইছিল ডিব্ৰুগড়ৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীক ।

ইয়াৰ পাছতেই চাৰিদিনৰ পূৰ্বে দুৰ্গা পূজাৰ মাজতে মহম্মদ মজিদ আলম নামৰ যুৱকজন বিহাৰৰ পৰা ডিব্ৰুগড়লৈ আহে । ফেচবুকৰ জৰিয়তে চিনাকী হোৱা ডিব্ৰুগড়ৰ ১৫বছৰীয়া কিশোৰী গৰাকীক পলুৱাই লৈ বিহাৰৰ বাবে ৰাওনা হৈছিল মজিদ । ইয়াৰ পিছতে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীক গোচৰ দিয়াৰ লগতে কাষ চাপে দল সংগঠনৰ ।

অৱশেষত, বৰ্তমান ডিব্ৰুগড়ৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে বিহাৰৰ যুৱকজনক । ইয়াৰ লগতে আৰক্ষীয়ে সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিশোৰী গৰাকীক । উল্লেখযোগ্য যে, ধৃত যুৱকজনৰ পৰিচয় পত্ৰত পোৱা গৈছে সুকীয়া নাম ঠিকনা । এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে । অৱশ্যে, সচেতন মহলে এই ঘটনাক লাভ জিহাদৰ ঘটনা বুলি অভিহিত কৰিব বিচাৰিছে ৷

লগতে পঢ়ক : 33 বছৰ বয়সত ভৰি দিলে পৰিণীতি চোপ্ৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.