মৰাণ,২৯ মাৰ্চ: ডিব্ৰুগড়ৰ গনেশবাৰী আৰ্মী কেম্পত দীৰ্ঘদিনে আতংক সৃষ্টি কৰি অহা নাহৰফুটুকীটোক অবশেষত পিঞ্জৰাবদ্ধ কৰা হ’ল । মংঙ্গলবাৰে পুৱতি নিশা বন বিভাগে পতা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকীটো (Leopard caged at Lahowal) ।
বিগত কেইবাদিনো ধৰি সমগ্ৰ অঞ্চলটোত নাহৰফুটুকীটোৱে স্থানীয় ৰাইজৰ পশুধনৰ অনিষ্ট সাধন কৰাৰ লগতে সৈনিক সকলৰো নিদ্ৰাহৰণ কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত ত্ৰাসিত ৰাইজে বনবিভাগক অৱগত কৰাত বনবিভাগে পিঞ্জৰা পাতি বাঘটো ধৰাৰ চেষ্টা চলালে ।
অৱশেষত বনবিভাগৰ পিঞ্জৰাত পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকীটো । পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোক বনবিভাগৰ লোকে লৈ যায় জকাই বনাঞ্চললৈ । ইফালে নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ পাছতহে এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে অঞ্চলটোৰ ৰাইজে ।
লগতে পঢ়ক: কলিয়াবৰত আটক বহিঃৰাজ্যৰ দুই ডকাইত