মৰাণ, ২২ এপ্ৰিল: "বৰ্তমান সাংবাদিকতা আগবঢ়াই নিয়াত প্ৰত্যাহ্বান আহি পৰিছে । পাবত গজা একাংশ সাংবাদিকে সংবাদ মাধ্যমৰ প্ৰতি মানুহৰ ধাৰণা সলনি কৰি দিছে ৷ এনেধৰণৰ কিছুমান মানুহে সমাজত নেতিবাচক প্ৰভাৱ পেলাইছে ৷ এনে মানুহক বিচাৰি উলিয়াই আঁতৰ নকৰিলে সামাজিক অৱক্ষয় ৰোধ কৰা সম্ভৱ নহয় ।"এই মন্তব্য় জ্য়েষ্ঠ সাংবাদিক মনজিত বৰাৰ ।
শনিবাৰে মৰাণহাট প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰয়াত সাংবাদিক,কবি,লেখক তথা শিক্ষক যদু চুতীয়াৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত বক্তৃতানুষ্ঠান উদ্বোধন কৰি এনেদৰে মন্তব্য় কৰে জ্যেষ্ঠ সাংবাদিক বৰাই (Lecture on journalist Jadu Chutia)।
"সামাজিক অৱক্ষয় ৰোধ কৰাত সংবাদ মাধ্যমৰ দায়বদ্ধতা" শীৰ্ষক বক্তৃতানুষ্ঠান উদ্বোধন কৰি তেওঁ পুনৰ কয়, "বৰ্তমান সাংবাদিকতা আগবঢ়াই নিয়াত প্ৰত্যাহ্বান আহি পৰিছে ৷ ইয়াৰ মাজতে একাংশ সাংবাদিকে সততা আৰু নিষ্ঠাৰে সাংবাদিকতাৰ ক্ষেত্ৰখনত কাম কৰি আহিছে ৷ ঔপনিবেশিক ইংৰাজসকলে স্বাধীনতা আন্দোলনৰ সময়তো সংবাদ পত্ৰৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছিল ৷ তাৰ মাজতে কেইবাখনো সংবাদপত্ৰই শক্তিশালীভাৱে ইংৰাজৰ বিৰুদ্ধে প্ৰৱল জনমত গঢ়ি তুলিছিল ৷"
বৰ্তমানেও সংবাদপত্ৰৰ শক্তিশালী ভূমিকা আছে বুলি উল্লেখ কৰি বৰাই কয় যে, আজিৰ তাৰিখত সামাজিক অৱক্ষয় ৰোধ কৰাত সংবাদ মাধ্যমে কৰবাত নহয় কৰবাত উজুটি খাইছে । কাৰণ বৰ্তমান সংবাদ মাধ্যম এক জটিল সন্ধিক্ষণত উপনীত হৈছে ৷ প্ৰতিযোগিতাৰ ধামখুমীয়াত কেতিয়াবা কেতিয়াবা দায়িত্বৰ পৰা বিচলিত হৈছ ৷ কিন্তু জনসাধাৰণক সচেতন কৰাৰ ক্ষেত্ৰত, সত্য উদঘাটনৰ স্বাৰ্থত সাংবাদ মাধ্যমৰ গুৰুত্ব সদায় আছে আৰু থাকিব (Lecture at Maran College) ৷
আনহাতে, নিৰ্দিষ্ট বিষয়ত মুখ্য বক্তা হিচাপে বক্তব্য আগবঢ়াই মৰাণ মহাবিদ্যালয়ৰ প্ৰৱক্তা আত্মাৰাম কুমাৰে কয়, "সংবাদ মাধ্যমে প্ৰত্যক্ষভাৱে সামাজিক অৱক্ষয় ৰোধ কৰিব নোৱাৰে (Maran College )৷ সংবাদ মাধ্যমে সামাজিক অৱক্ষয় ৰোধ কৰাৰ বাবে সচেতনতাহে বৃদ্ধি কৰিব পাৰে । সামাজিক অৱক্ষয় ৰোধ কৰাৰ বাবে সংবাদ মাধ্যমক জনসাধাৰণে সহযোগিতা আগবঢ়াব লাগিব ৷"
মৰাণহাট প্ৰেছ ক্লাৱৰ সভাপতি ত্ৰৈলোক্য চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত এই বক্তৃতানুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ চেত্ৰী, মৰাণ শাখা চাহ মজদুৰ সংঘৰ সম্পাদক লক্ষেশ্বৰ তাঁতী, মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ যতীন চুতীয়া আদিয়ে যদু চুতীয়াৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে ৷
এই অনুষ্ঠানটোত যদু চুতীয়াৰ সহধৰ্মিনী ৰাখী চুতীয়াৰ লগতে পৰিয়ালবৰ্গ উপস্থিত থাকে ৷ ইয়াৰ পূৰ্বে অনুষ্ঠানৰ আৰম্ভণিত যদু চুতীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে মৰাণহাট প্ৰেছ ক্লাৱৰ উপদেষ্টা, লেখক তথা কৃতি শিক্ষক প্ৰদীপ কুমাৰ সন্দিকৈয়ে ৷
লগতে পঢ়ক:Eid Ul Fitr in Guwahati: মাছখোৱাত ঈদগাহ ময়দানত ৫ হাজাৰৰ একেলগে নামাজ আদায়