ডিব্ৰুগড়,6 এপ্ৰিল : অসমীয়াৰ পদূলিত আকৌ আহিল হেঁপাহৰ ৰঙালী ৷ অসমীয়া জাতীয় জীৱনৰ আয়ুসৰেখা স্বৰূপ অতিকৈ চেনেহৰ ব'হাগৰ আগমনত এতিয়া সৰ্বত্ৰে পৰিলক্ষিত হ'ল ব্য়স্ততা ৷ এই বহাগক লৈ এতিয়া অসমীয়াৰ প্ৰাণে-মনে উঠিছে আনন্দৰ লহৰ ৷ প্ৰতিজন অসমীয়াই এতিয়া হেঁপাহৰ বিহু পাতিবলৈ বিভিন্ন ধৰণে চলাইছে প্ৰস্তুতি।

বিহুৰ প্ৰস্তুতিৰ মাজতে অসমৰ এগৰাকী বিশিষ্ট বিহুৱা, লোক সংস্কৃতিৰ গৱেষক দুৰ্লভ বুঢ়াগোহাঁই ৰচিত "কলীমতী গাভৰু বিহু" নামৰ গ্ৰন্থখন ডিব্ৰুগড় প্ৰেছ ক্লাবত উন্মোচন কৰা হয় । গ্ৰন্থখন উন্মোচন কৰে ভাষাবিদ ড৹ ভীমকান্ত বৰুৱাই । গ্ৰন্থখন উন্মোচন কৰি বৰুৱাই কয়, বিহুৰ সময়ত বিহু সম্পৰ্কে এখন সুন্দৰ গ্ৰন্থ নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই দিছে, য'ত অসমীয়া পৰম্পৰাগত বিহু নামক বহু চিন্তা চৰ্চা কৰি প্ৰণালীবদ্ধভাৱে সজোৱা হৈছে ।