ETV Bharat / state

Amritpal Singh Update: ৰাজ আতিথ্যত ডিব্ৰুগড়ৰ কাৰাগাৰত দিন পাৰ কৰিছে অমৃতপাল সিঙসহ 10 খালিস্তানীয়ে - waris punjab de

কোনো ধৰণৰ সমস্যা নোহোৱাকৈয়ে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত আছে অমৃতপাল সিঙসহ 10 কাৰাবন্দী খালিস্তানী নেতা ৷ পৰিয়ালৰ লোকক তেওঁলোকক সাক্ষাতৰ অনুমতি প্ৰদান কৰাৰ লগতে খাদ্যৰ ক্ষেত্ৰতো দিয়া হৈছে বিশেষ গুৰুত্ব ৷

Amritpal Singh Update
Amritpal Singh Update
author img

By

Published : Jun 30, 2023, 3:53 PM IST

ৰাজ আতিথ্যত ডিব্ৰুগড়ৰ কাৰাগাৰত দিন পাৰ কৰিছে অমৃতপাল সিঙসহ 10 খালিস্তানী

ডিব্ৰুগড়, ৩০ জুন: ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দিন পাৰ কৰিছে ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙসহ ১০ খালিস্তানী কাৰাবন্দীয়ে । দুটা মাহে ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হৈ থকা ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙসহ আন কাৰাবন্দীক কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি সকলো সুবিধা প্ৰদান কৰিছে ডিব্ৰুগড় কাৰাগাৰত কৰ্তৃপক্ষই ।

খালিস্তানী কাৰাবন্দীসকলক পৰিয়ালৰ সদস্যসকলে সাক্ষাৎ কৰিবলৈ অনুমতি দি আহিছে ডিব্ৰুগড় কাৰাগাৰৰ কৰ্তৃপক্ষই । এটা দিনৰ পূৰ্বে ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ পত্নীয়ে কাৰাগাৰত বহু সময় ধৰি সাক্ষাৎ কৰে অমৃতপাল সিঙক । ইয়াৰ পাচতেই ৰাষ্ট্ৰীয় বহুকেইটা সংবাদ মাধ্যমত কাৰাগাৰৰ ভিতৰতে অমৃতপাল সিঙে ফোন ব্যৱহাৰ আৰু খাদ্য সমস্যা পোৱাৰ দাবী কৰি অনশন কৰা বুলি বাতৰি পৰিৱেশন কৰিছিল ।

ইয়াৰ পাচতে এই সমগ্ৰ ঘটনাক নস্যাৎ কৰিছে ডিব্ৰুগড় কাৰাগাৰৰ কৰ্তৃপক্ষ আৰু জিলা উপায়ুক্ত বিশ্বজিৎ পেগুয়ে । উপায়ুক্ত বিশ্বজিত পেগুয়ে Etv Bharatৰ ডিব্ৰুগড়ৰ সাংবাদিকক জানিবলৈ দিয়া অনুসৰি কাৰাগাৰৰ ভিতৰত তেনেকুৱা কোনো ঘটনা সংঘটিত হোৱা নাই । অমৃতপাল সিঙৰ পত্নীয়ে এইয়া অপপ্ৰচাৰ কৰা বুলি অভিযোগ উপায়ুক্তগৰাকীৰ ।

উপায়ুক্তগৰাকীয়ে কাৰাগাৰৰ সকলো দিশ নিজে সদায় তদাৰক কৰা বুলি জানিবলৈ দিছে । অমৃতপাল সিঙৰ লগতে সহযোগীসকলে ফোন ব্যৱস্থাৰ বাবে দাবী কৰিছিল আৰু সেয়া কাৰাগাৰ কৰ্তৃপক্ষই ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে । কাৰাগাৰৰ ‘জেইলাৰ’ৰ ফোনৰ পৰা প্ৰয়োজনত ফোনত পৰিয়ালৰ সৈতে কথা পতাৰ ব্যৱস্থা কৰা হৈছে ।

খাদ্যৰ ক্ষেত্ৰত কাৰাগাৰ কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰা কথাও জানিবলৈ দিছে উপায়ুক্তগৰাকীয়ে । তেওঁলোকৰ পৰা খাদ্যৰ তালিকা লৈ খাদ্য যোগানৰ ব্যৱস্থা কৰা হৈছে বুলিও সদৰী কৰিছে উপায়ুক্ত পেগুয়ে । পঞ্জাৱৰ খাদ্যৰ লগত অসমৰ খাদ্য বিশেষকৈ শাক-পাচলিৰ কিছু মিল নথকাত প্ৰথমে কিছু সমস্যা হৈছিল যদিও বৰ্তমান তেনে কোনো সমস্যা নাই বুলি ফোন যোগে সমগ্ৰ বিষয়টো স্পষ্ট কৰি দিয়ে উপায়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক: Manipur CM To Resign: পদত্যাগৰ প্ৰস্তুতি মণিপুৰৰ মুখ্যমন্ত্ৰীৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.