ETV Bharat / state

Crime in Dibrugarh: বৰবৰুৱা আৰক্ষীৰ জালত দুই আই পি এল জুৱাৰী - Dibrugarh Police against IPL gambling

ৰাজ্য়ৰ বিভিন্ন স্থানত আই পিএলক লৈ চলি আছে লাখ লাখ‌ টকাৰ জুৱা ৷ গোপনে চলা এই জুৱাত জড়িত হৈ পৰাৰ অভিযোগ ‌একাংশ ব্যৱসায়ী,‌ ছাত্ৰ, ক্ষুদ্ৰ ব্যৱসায়ী আদিৰ বিৰুদ্ধে ৷ এনে জুৱাই বহুতকে নিশাৰ ভিতৰতে সৰ্বস্বান্ত কৰিছে (IPL 2023 Gambling Game) ।

Dibrugarh Police against IPL gambling
আই পিএলৰ এনে জুৱাৰ এই ৰমৰমীয়া বেহা
author img

By

Published : May 20, 2023, 8:38 PM IST

মৰাণ, ২০ মে': সমাপ্তিৰ দিশে আগবাঢ়িছে আই পিএল । তথাপি দেশৰ অন্য় প্ৰান্তৰ লগতে অসমতো অব্যাহত আছে আই পিএলৰ জ্বৰ (IPL Gambling Game in Assam)৷ এই জ্বৰৰ মাজতেই আই পিএল ক্ৰিকেটৰ নামত একাংশ অসাধু লোকে চলাই আছে জুৱাৰ ৰমৰমীয়া বেহা ৷ সমগ্ৰ দেশৰ লগতে অসমতো চলি আছে এই জুৱাৰ ৰমৰমমীয়া বেহা ৷

আই পি এলক কেন্দ্ৰ কৰি ডিব্ৰুগড়তো চলি আছে এই জুৱা ৷ জিলাখনৰ অলিয়ে-গলিয়ে এতিয়াও চলি আছে আই পিএলৰ জুৱা ৷ আই পিএলৰ এনে জুৱাৰ এই ৰমৰমীয়া বেহাৰ ফলত বহু লোক সৰ্বস্বান্ত হৈ পৰাৰো অভিযোগ উত্থাপিত হৈছে (IPL gambler arrested) ৷ তেনে সময়তে আই পি এল জুৱাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে ডিব্ৰুগড় আৰক্ষী । এইবাৰ আৰক্ষীৰ জালত পৰিল দুই আই পিএল জুৱাৰী ।

ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত শান্তি শৃংখলা অটুত আছে বুলি দাবী কৰি আহিলেও ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । এইবাৰ বৰবৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই আই পি এল জুৱাৰী । আৰক্ষীৰ জালত পৰা এই দুই আই পি এল জুৱাৰী হৈছে বাবলু আলী (৪১)আখতাৰ শ্বেইখ (৪৩) (Dibrugarh Police against IPL gambling)।

এই ধৃত দুই জুৱাৰীক আজি আদালতত হাজিৰ কৰোৱত আদালতে দুয়োটাকে জে'ল হাজোতলৈ প্ৰেৰণ কৰে । ধৃত আই পি এল জুৱাৰী বৰবৰুৱা পূজা ফিল্ডৰ জয়নাল আলীৰ পুত্ৰ বাবলু আলী আৰুবকুল মাজ গাঁৱৰ মহৰম শ্বেইখৰ পুত্ৰ আখতাৰ শ্বেইখে বিগত সময়ত এনে জুৱা খেলত জড়িত হৈ আছিল বুলি অভিযোগ উত্থাপিত হৈ আহিছিল ।

ইপিনে, কেইদিনমান পূৰ্বে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাপাৰাত আৰক্ষীয়ে এটা আই পি এলৰ জুৱাৰীক গ্ৰেপ্তাৰ কৰে (IPL gambler arrested in Manikpur)। দিদাৰ ৰহমান নামৰ আই পি এলৰ জুৱাৰীটোৰ পৰা নগধ ৯ হাজাৰ ৪০৭টকা, আই পি এল জুৱাত ব্যৱহাৰ কৰা মোবাইল ফোনসহ এখন মটৰ চাইকেল জব্দ কৰে ।

লগতে পঢ়ক;IPL gambler arrested: বঙাইগাঁৱৰ মাণিকপুৰত IPL জুৱাৰী আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.