ETV Bharat / state

টিংখাঙত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা

টিংখাঙৰ ৰাজগড়ত আটছাৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক স্বগীয়া বীণা বাউৰী সোঁৱৰণী আন্ত:বাগিছা চলন্ত ট্ৰফী ও প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা ।

author img

By

Published : Feb 10, 2021, 9:40 PM IST

টিংখাঙত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা
টিংখাঙত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা

টিংখাং, ১০ ফেব্ৰুৱাৰী: ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত বুধবাৰৰ পৰা আৰম্ভ হৈছে ত্ৰয়োদশ বাৰ্ষিক স্বগীয়া বীণা বাউৰী সোঁৱৰণী আন্ত:বাগিছা চলন্ত ট্ৰফী ও প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা । টিংখাঙৰ ৰাজগড় চাহ বাগিছাৰ ৫ নং খেলপথাৰত অনুষ্ঠিত হৈছে প্ৰতিযোগিতা । অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ চমুকৈ আটছা ৰাজগড় শাখাৰ উদ্যোগত তথা ৰাজগড় উপ শাখাৰ আৰু টিংখাংবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে এই খেলখন । টিংখাং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লক্ষ্যজিৎ দুৱৰীয়াই বুধবাৰে ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে ।

টিংখাঙত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা
টিংখাঙত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা

প্ৰতিযোগিতাৰ আৰম্ভণি খেলখন ডিমৌ চাহ বাগিছা আৰু লাহোৱাল চাহ বাগিচা মাজত অনুষ্ঠিত হয় । লাহোৱাল চাহ বাগিছাই ১-০ গ’লত পৰাস্ত কৰে ডিমৌ চাহ বাগিচাক । দ্বিতীয় খেলখন মহাকালি চাহ বাগিছা আৰু নাহৰকটীয়া চাহ বাগিছাৰ মাজত অনুষ্ঠিত হয় । খেলখনত মহাকালি বাগিছাই ১-০ গলত নাহৰকটীয়াক পৰাস্ত কৰি সমতা স্থাপন কৰে ।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে আটছা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বসন্ত কুৰ্মী, ডিব্ৰুগড় জিলা সমিতিৰ অৱন ভূমিজ, সুভাষ তাঁতী, সুনিল পাতৰ, ডালেল মুণ্ডা, পংকজ তাছা, দীনেশ নাগ ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক সাৰংগপানী সোণোৱাল, অসম যুৱ পৰিষদৰ বাবলু কোঁচ লগতে ৰাজগড় চাহ বাগিচাৰ পৰিচাক সকল ।

লগতে পঢ়ক:কাছাৰত প্ৰাক্তন সেনা জোৱানৰ বাসগৃহত ডকাইতি কাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.