ETV Bharat / state

নতুন মুখ্যমন্ত্ৰীকলৈ আশাবাদী ৰাজ্যৰ ঋণগ্ৰস্ত মহিলা - বিজেপি চৰকাৰ

মাইক্ৰ'ফাইনেঞ্চৰ বিৰুদ্ধে ৰাজ্যৰ লাখ লাখ মহিলাই কৰি অহা দীৰ্ঘদিনীয়া আন্দোলন পৰিসমাপ্তিৰ দিশে গতি কৰাত মুখ্যমন্ত্ৰী শৰ্মাক শুভেচ্ছা জ্ঞাপন কৰিছে গ্ৰামাঞ্চলৰ মহিলাসকলে ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত মাইক্ৰ'ফাইনেঞ্চৰ কবলত পৰি সৰ্বহাৰা হোৱা লাখ লাখ মহিলাক দিয়া প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাত মহিলা সকলৰ মুখলৈ ঘুৰি আহিছে আশাৰ ৰেঙণি।

নতুন মুখ্যমন্ত্ৰীকলৈ আশাবাদী ৰাজ্যৰ ঋণগ্ৰস্ত মহিলা

author img

By

Published : May 13, 2021, 12:40 PM IST

টিংখাং,13 মে': ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পাচতে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ লৈ দিশহাৰা হোৱা ৰাজ্যৰ মহিলাসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ লাখ লাখ মহিলাৰ সাব্যস্ত কৰি অহা দীৰ্ঘদিনীয়া এক আন্দোলন পৰিসমাপ্তিৰ দিশে গতি কৰাত মুখ্যমন্ত্ৰী শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে গ্ৰামাঞ্চলৰ মহিলাসকলে ৷ মুখ্যমন্ত্ৰী আসনত বহিয়েই নিৰ্বাচনৰ প্ৰাকক্ষণত দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই।

নতুন মুখ্যমন্ত্ৰীকলৈ আশাবাদী ৰাজ্যৰ ঋণগ্ৰস্ত মহিলা

নতুন চৰকাৰৰ প্ৰথমখন কেবিনেটতে মাইক্ৰ'ফাইনেঞ্চৰ বিষয়টোক অতি গুৰুত্ব প্ৰদান কৰা লগতে বিষয়টো সমাধান কৰিবলৈ ইতিমধ্যে অশোক সিংহালৰ নেতৃত্বত এখন কমিটিও গঠন কৰা হৈছে । যাৰ বাবে এইসকল মহিলাৰ মুখলৈ ঘুৰি আহিছে আশাৰ ৰেঙণি।

উল্লেখ্য যে, নিৰ্বাচনৰ প্ৰাকক্ষণত মাইক্ৰ'ফাইনেঞ্চৰ কবলত পৰি সৰ্বহাৰা হোৱা লাখ লাখ মহিলাৰ মৰ্মবেদনা উপলব্ধি কৰি, মহিলা সকলে মাইক্ৰ'ফাইনেঞ্চৰ বিৰুদ্ধে গঢ়ি তোলা আন্দোলনৰ বাবে নতুন বিজেপি চৰকাৰ আহিলে এই গুৰুত্বপূৰ্ণ সমস্যাটো সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই সময়ৰ বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী গৰাকীয়ে দিয়া এই প্ৰতিশ্ৰুতি অনুসৰি, মহিলাসকলে নিৰ্বাচনত পোনপটীয়াকৈ সমৰ্থন আগবঢ়াইছিল বিজেপি দলক । এতিয়া সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই কাম কৰিবলৈ লোৱাত মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে মহিলাসকলে ৷

লগতে পঢ়ক: ড৹ হোমেন বৰগোহাঞিৰ মৃত্যুত বাক্সা জিলা সাহিত্য সভাৰ শোক প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.