ETV Bharat / state

ডিব্ৰুগড়ত ভয়াবহ পথ দুৰ্ঘটনাৰ পাছত তৎপৰ জিলা প্ৰশাসন

author img

By

Published : Nov 27, 2020, 5:25 PM IST

বৃহস্পতিবাৰে পুৱাৰ ভাগত লেপেটকটাত আৰু দিনৰ ভাগত বকপাৰাত সংঘটিত পথ দুৰ্ঘটনাত একেটা দিনতে জিলাখনত মুঠ সাতজনকৈ লোকে প্ৰাণ হেৰুওৱাৰ দুখজনক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পথ নিৰ্মাণকাৰী সংস্থা, আৰক্ষীৰ যান বাহন নিয়ন্ত্ৰণ শাখা আৰু পৰিবহণ শাখাৰ সৈতে এনে দুৰ্ঘটনা ৰোধৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত গুৰুত্বৰ আলোচনাত মিলিত হয় জিলা প্ৰশাসন ৷

important-meeting-after-yesterdays-dangerous-accident
ডিব্ৰুগড়ত ভয়াবহ পথ দুৰ্ঘটনাৰ পাছত তৎপৰ জিলা প্ৰশাসন

ডিব্ৰুগড়, 27 নৱেম্বৰ : এটা কৰুণ পথ দুৰ্ঘটনা, যাৰ পৰিণতিত একেখন গাঁৱত একেলগে নিশা জ্বলি উঠিল পাঁচখন চিতা। ডিব্ৰুগড়ৰ লেপেটকটাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল ৰাজ্য জোকাৰি যোৱা শোকাৱহ পথ দুৰ্ঘটনাটো। ঘটনাৰ পাছতেই মুখ্যমন্ত্ৰীৰ তৎক্ষাণিক প্ৰতিক্ৰিয়া আহিছিল আৰু ইয়াৰ পাছতেই তৎপৰতা দেখুৱাইছে ডিব্ৰুগড় জিলা প্ৰশাসনে ।

লেপেটকটাৰ শোকাৱহ ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত আলোচনা কৰাৰ বাবে জিলা প্ৰশাসনে আয়োজন কৰে এখন সভা । ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক থুবেৰ সভাপতিত্বত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ প্ৰশাসনিক ভৱনৰ সভাকক্ষত অনুষ্ঠিত হয় এই সভা ৷ ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰ, জিলা পৰিবহণ বিষয়া, আৰক্ষীৰ যান বাহন নিয়ন্ত্ৰণ শাখা, লোক নিৰ্মাণ বিভাগ, এন এইচ আই ডি চি এল আৰু বি চি পি এলৰ বিষয়ববীয়াসকল শুকুৰবাৰে আয়োজিত উক্ত সভাত উপস্থিত থাকে ।

উক্ত সভাত বৃহস্পতিবাৰে পুৱাৰ ভাগত লেপেটকটাত আৰু দিনৰ ভাগত বকপাৰাত সংঘটিত পথ দুৰ্ঘটনাত একেটা দিনতে জিলাখনত মুঠ সাতজনকৈ লোকে প্ৰাণ হেৰুওৱাৰ দুখজনক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পথ নিৰ্মাণকাৰী সংস্থা, আৰক্ষীৰ যান বাহন নিয়ন্ত্ৰণ শাখা আৰু পৰিবহণ শাখাৰ সৈতে এনে দুৰ্ঘটনা ৰোধৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত গুৰুত্বৰ আলোচনাত মিলিত হয় জিলা প্ৰশাসন ৷

সভাত নিৰ্দিষ্ট পাৰ্কিং আস্থানৰ বিপৰীতে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গধুৰ যান বাহন ৰখাই থলে তেনে বাহনৰ ওপৰত যান বাহন আইন অনুসৰি জৰিমনা বিহাৰ দিশত ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয় ৷ সভাত বি চি পি এল কৰ্তৃপক্ষকো তেওঁলোকৰ প্ৰতিষ্ঠানলৈ দৈনিক অহা বাহনসমূহ প্ৰতিষ্ঠান চৌহদত ৰখাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হয় ।

লগতে পঢ়ক: কুটুহাৰ ভগামূৰত একেলগে দপদপাই জ্বলিল ৫ খনকৈ চিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.