মৰাণ, 12 অক্টোবৰ : চৰাইদেউ জিলাৰ সোণাৰিৰ দিল্লী সংৰক্ষিত বনাঞ্চলৰ পৰা সোমবাৰে বন বিভাগে বৃহৎ পৰিমাণৰ চোৰাং কাঠ উদ্ধাৰ কৰে ৷ বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই উদ্ধাৰ কৰে চোৰাং কাঠখিনি ।
চৰাইদেউ জিলাৰ চৰাইপুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ঘনকান্ত গগৈ, হালোৱাটিং খণ্ড বন বিভাগৰ খণ্ড বন বিষয়া ভৱেশ ফুকন আৰু নগাহাট খণ্ড বন বিভাগৰ খণ্ড বন বিষয়া চন্দ্ৰ ফুকনৰ নেতৃত্বত যোৱা আৰক্ষী আৰু বনৰক্ষী বাহিনীৰ দলে চলাই এই অভিযান ৷ অভিযানকালত আৰক্ষী আৰু বনৰক্ষী বাহিনীৰ দলে দিল্লী সংৰক্ষিত বনাঞ্চলৰ বৰাখোৱা এলেকাৰ এটা জানত লুকাই ৰখা মূল্যবান কাঠখিনি জব্দ কৰে ৷
অৱশ্যে অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে কোনো দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল । বৰ্তমানলৈ জানিব পৰা হোৱা নাই জব্দ কৰা চোৰাং কাঠখিনিৰ বজাৰ মূল্য ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত থকাৰ কথা জানিবলৈ দিয়ে অভিযানকাৰী দলটোৱে ৷
লগতে পঢ়ক : হাতে-লোটে এগৰাকী লাট মণ্ডলক আটক কোকৰাঝাৰ আৰক্ষীৰ