ETV Bharat / state

ডিব্ৰুগড়ত 6 খন অবৈধ কাঠৰ ট্ৰাক জব্দ - Dibrugarh Truck Seized by DFO

ডিব্ৰুগড়ত জব্দ হয় 6খনকৈ চোৰাং কাঠভৰ্তি ট্ৰাক ৷ নম্বৰপ্লেট জালিয়াতি কৰি অৰুণাচলৰ পৰা কাঠসমূহ কঢ়িয়াই অনা অৱস্থাতে বন বিভাগে জব্দ কৰে ট্ৰাককেইখন ৷

Illegal Timber Seized in Dibrugarh, Dibrugarh Truck Seized by DFO, Dibrugarh DFO news, ডিব্ৰুগড়ত ট্ৰাক জব্দ, চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ, ডিব্ৰুগড় বন বিভাগৰ অভিযান, ছখন ট্ৰাক জব্দ ডিব্ৰুগড়ত
ডিব্ৰুগড়ত 6 খন অবৈধ কাঠৰ ট্ৰাক জব্দ
author img

By

Published : Nov 28, 2019, 12:01 AM IST

ডিব্ৰুগড়, 27 নৱেম্বৰঃ ডিব্ৰুগড়ত জব্দ ছখনকৈ চোৰাং কাঠভৰ্তি ট্ৰাক ৷ চহৰখনৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলাখোৱা চেচা তিনিআলিৰ পৰা বন বিভাগে জব্দ কৰে ট্ৰাককেইখন ৷ কিন্তু বন বিভাগৰ চকুত ধুলি মাৰি পলায়ন কৰে ট্ৰাককেইখনৰ চালককেইজন ৷

ডিব্ৰুগড়ত 6 খন অবৈধ কাঠৰ ট্ৰাক জব্দ

ধলা, শদিয়া আৰু অৰুণাচলৰ পৰা এই চোৰাং কাঠসমূহ কঢ়িয়াই অহা হৈছিল বুলি অনুমান কৰা হৈছে ৷ আঞ্চলিক বন বিষয়াই প্ৰকাশ কৰা অনুসৰি, ট্ৰাককেইখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে, AS 06 AC 9468, AS O1 GC 9745, AS 23 BC 3609, AS 01 GC 9020, AS 25 FC 1858 আৰু আনখন ট্ৰাকৰ নম্বৰপ্লেট অস্পষ্টভাৱে হিন্দীত লিখা আছে ৷ খোৱাং, ডিব্ৰুগড় আৰু জকাই বনাঞ্চলিক বিভাগৰ যুটীয়া অভিযানত এইদৰে ট্ৰাকসমূহ জব্দ হয় ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে বনবিভাগে তদন্ত আৰম্ভ কৰিছে ৷

Intro:এতিয়া সৰ্বা-হিমন্ত চিণ্ডিকেটৰাজৰ দুই ৰজা।এফালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এই বিস্ফোৰক অভিযোগ।আনফালে তেনে সময়তে
মুখ্যমন্ত্ৰীৰ গৃহ চহৰৰ মাজেৰেই অব্যাহত আছে
চোৰাং কাঠৰ ৰমৰমীয়া বেহা।ডিব্ৰুগড়ৰ ৰাজপথত জব্দ প্ৰায় কোটি টকাৰ চোৰাং কাঠ।এখন দুখন নহয়,ছয়খনকৈ ১২ চকাৰ বৃহৎ ট্ৰাক ডিব্ৰুগড়ৰ বন বিভাগে জব্দ কৰিবলৈ সক্ষম হৈছে।
ডিব্ৰুগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলাখোৱাৰ চেচা তিনি আলিৰ সমিপত জব্দ কৰা হৈছে এই চোৰাং কাঠ ভৰ্তি ট্ৰাক সমূহ।কিন্তু ৰহস্য জনক ভাৱে ট্ৰাক সমুহৰ চালক কেইজনগ বন বিভাগৰ দলটোৰ চকুত ধুলি দি পলায়ন কৰে। ট্ৰাক সমূহৰ নম্বৰ প্লেটতো দেখা গল জালিয়াতি।নম্বৰ সমূহ বিকৃত কৰি নম্বৰৰ ওপৰত ৰং সানি চকুত নপৰা কৰাৰ চেষ্টা চতুৰ চোৰাং কাঠ ব্যৱসায়ীৰ।

ধলা শদিয়া আৰু অৰুণাচলৰ পৰা এই চোৰাং কাঠ সমূহ অনা হৈছিল বুলি বন বিভাগৰ অনুমান কৰিছে যদিও ঢলা,ছৈখোৱা, কাকপথাৰ,ডুমডুমা,তিনিচুকীয়া বনবিভাগৰ চকুত ধুলি দি ট্ৰাক সমুহ কেনেকৈ ডিব্ৰুগড় পালেহি ৰহস্যজনক।ইপিনে প্ৰতিদিনে নিশাৰ ভাগত শ-শ চোৰাং কাঠৰ লগতে চোৰাং কয়লা আদিৰ ট্ৰাকসমুহ পুৱতি নিশা পযন্ত ডিব্ৰুগড়ৰ মাজেৰেই পাৰ হৈ আহিছে যদিও বন বিভাগ, আৰক্ষী সকলোৱে চকুমুদা কুলিৰ ভাৱ গ্ৰহণ কৰি আহিছে।অৱশ্যে যোৱা নিশা বহু অভিযোগৰ শেষত বনবিভাগে ছয়খনকৈ চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।
জব্দ কৰা ট্ৰাক কেইখনৰ নম্বৰ ক্ৰমে-

AS 06 AC 9468
AS O1 GC 9745
AS 23 BC 3609
AS01GC 9020
AS25FC 1858
আন এখনত হিন্দীত বিকৃত কৰি নম্বৰ অস্পষ্ট কৰা হৈছে। খোৱাং,ডিব্ৰুগড় আৰু জকাই বনাঞ্চলিক বিভাগৰ যুটীয়া অভিযানত তথা ডিব্ৰুগড় বন সংমণ্ডল বিষয়া নিজে উপস্থিত থাকি অভিযান চলাই ট্ৰাক সমূহ জব্দ কৰে।

Byte:DFO DIBRUGARH

উল্লেখ যে সঘনাই মুখ্যমন্ত্ৰীৰ আশীৰ্বাদত চোৰাং কাঠৰ বেহা অব্যাহত থকাৰ অভিযোগ বিৰুধী, জাতীয় সংগঠনে উত্থাপন কৰি আহিছে।এনে সময়তে মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ মাজেৰে ইমান বৃহৎ পৰিমাণৰ কাঠ প্ৰতিদিনে পাৰ হৈ যোৱাটো লক্ষ্যণীয়।অভিযোগ মতে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়কৰ দ্বায়িত্বত থকা লোকৰ আশীৰ্বাদপুষ্ট ডুমডুমা আৰু কাকপথাৰৰ চোৰাং কাঠৰ মাফিয়াই এই বেহা হেলাৰঙে চলাই অহাৰ সুবিধা পাই আহিছে।ইয়াৰ ওপৰি বিজেপি নেতাৰ ঘনিষ্ঠ সোণোৱাল আৰু মেধি উপাধিৰ আন দুই মাফিয়াইও অবাধে চলাই আহিছে চোৰাং কাঠৰ বেহা। শাসনাধিষ্টি চৰকাৰৰ ৰাজনৈতিক আশীৰ্বাদৰ ফলতে বন বিভাগ, আৰক্ষীয়ে সময়ে সময়ে জব্দ কৰা চোৰাং কাঠৰ গাড়ী দুই এদিনতেই সহজেই মুকলি কৰি লৈ যোৱা বিভিন্ন সময়ত দেখা যায় বুলিও তোলা হয় অভিযোগ।
এতিয়া এই 6 খন অবৈধ কাঠ ভৰ্তি ট্ৰাকো ৰাজনৈতিক আশীৰ্বাদেৰে অনুৰূপ কায়ডাৰেই কাঠ মাফিয়াই মুকলি কৰি লৈ যাবলৈ সক্ষম হ'ব নেকি বুলিও সচেতন মহলত প্ৰশ্ন উৎথাপন হৈছে।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.