ETV Bharat / state

Illegal sand mining in Dehing River: দিহিঙৰ বুকুত অবাধে চলিছে বালি খনন; চৰকাৰী গাঁওবুঢ়া জড়িত থকাৰ অভিযোগ

author img

By

Published : Feb 22, 2023, 9:05 PM IST

ডিব্ৰুগড়ৰ লেজাই কলাখোৱাৰ ইটাখুলিত ভূ-মাফিয়াৰ দপদপনি (Dominants of and mafia in Dibrugarh) ৷ দিনে-নিশাই দিহিং নদী পাৰত আৰু নদীৰ বুকুত ভূ-মাফিয়াই চলাই গৈছে বালিৰ অবৈধ খনন ৷ অবৈধ খনন কাৰ্যত আৰক্ষী, বন বিভাগে সহযোগিতা কৰাৰ অভিযোগ ৰাইজৰ ৷

Illegal sand mining by Land mafia in Dibrugarh
ডিব্ৰুগড়ত বালিৰ অবৈধ খনন
ডিব্ৰুগড়ত বালিৰ অবৈধ খনন

ডিব্ৰুগড়, 22 ফেব্ৰুৱাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে বালিৰ অবৈধ খনন । ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্ততো অবাধে চলিছে বালি আৰু পলসৰ অবৈধ খনন কাৰ্য । বিশেষকৈ ডিব্ৰুগড় কলাখোৱাৰ ইটাখুলিত চলিছে ভূ-মাফিয়াৰ চলিছে দপদপনি (Land mafia terror in Dibrugarh) । এইবাৰ বনজ সম্পদ লুণ্ঠনত চৰকাৰী গাঁওবুঢ়া জড়িত হোৱাৰো অভিযোগ তুলিছে ৰাইজে ।

অভিযোগ মতে, বন বিভাগৰ লগতে আৰক্ষীক মেনেজ কৰি খোদ চৰকাৰী গাঁওবুঢ়াৰ লগতে একাংশ নেতা-পালি নেতাই অবাধে দিহিঙৰ বুকুত চলাই আহিছে খনন কাৰ্য । খহনীয়া বিধ্বস্ত অঞ্চলৰ পৰা কেইবা কিলোমিটাৰ জুৰি বহু ফুট গভীৰ লৈকে বন মাফিয়াই চলাই গৈছে অবৈধ খনন ৷ ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাণ সমষ্টিৰ লেজাই কলাখোৱাৰ ইটাখুলিত চলিছে এই লুণ্ঠন (Illegal sand mining in Dibruagarh) ।

এই অঞ্চলৰ ৪৫ খনৰো অধিক ৰাজহ গাঁৱক বিপদাপন্ন কৰি দিহিং নদীৰ পাৰত দিনে নিশাই ভূ-মাফিয়াই চলাই গৈছে বালিৰ অবৈধ খনন (Illegal sand mining on Dehing River ) ৷ আশ্চৰ্যজনক বিষয় যে ৰাইজে অভিযোগ কৰা মতে বালিৰ এই অবৈধ খননত জড়িত হৈ আছে চৰকাৰী গাঁও প্ৰধানৰ লগতে একাংশ বিষয়া ।

বৃহৎ অঞ্চলৰ ৰাইজৰ অভিযোগ, ইটাখুলি অঞ্চলত বছৰ বছৰ ধৰি বালিৰ অবৈধ খনন কৰি আহিছে নিতাইপুখুৰী দুৱাৰীচিগা গাঁৱৰ গাঁও প্ৰধানৰ লগতে একাংশ নেতা-পালি নেতাই । বছৰ বছৰ ধৰি দিহিং নদীৰ প্ৰৱল খহনীয়াত হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমিৰ লগতে ঘৰ-বাৰী হেৰুৱাই অহা ইটাখুলি অঞ্চলৰ ৰাইজৰ বাধা, অভিযোগকো নেওচি বালি মাফিয়াই নদীৰ কাষত আৰক্ষীৰ সহযোগত ওৰে নিশা এফালৰ পৰা এক্সকেভেটৰৰ জৰিয়তে চলাই গৈছে বালিৰ অবৈধ খনন । ৰাইজে বাধা দিলে বিভিন্ন ধৰণে ৰাইজক ভয়-ভাবুকি দিয়াৰো অভিযোগ ৷ কেৱল ইমানেই নহয়, নদীৰ বুকুতো চলিছে মেচিনৰ জৰিয়তে খনন ।

উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাৰ অন্তৰ্গত এই অঞ্চলত কিছু বছৰ পূৰ্বলৈকে প্ৰতিষ্ঠিত আছিল ইটাখুলি গাঁৱৰ এটা অংশ । কিন্তু দিনে নিশাই বালি আৰু পলসৰ অবৈধ খননৰ ফলত দ্ৰুতগতিত দিহিং নদীৰ দিশ সলনি হৈ সম্পূৰ্ণ নদীত ইতিমধ্যে জাহ গৈছে ৰাজহ গাঁও খন । ইফালে এই অঞ্চলটোত প্ৰতিবছৰে দিহিং নদীৰ প্ৰৱল খহনীয়া অব্যাহত আছে ৷ খহনীয়া এক এক প্ৰধান কাৰণ হৈছে বালিৰ অবৈধ খনন ৷

কিন্তু এই অঞ্চলত বন বিভাগক মেনেজ কৰি ৰাইজক ভয়-ভাবুকি দেখুৱাই মুক্তভাৱে ভূ-মাফিয়াই বালিৰ অবৈধ খনন চলাই যোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ দিনে নিশাই অবৈধভাৱে লাখ লাখ চি এম বালি খান্দি নদীৰ কাষত কেইবা কিলোমিটাৰ দৈৰ্ঘ্যত বহু ফুট গভীৰ গাঁত কৰাৰ বাবে এই অঞ্চলত প্ৰতি বছৰে সৃষ্টি হৈ আহিছে প্ৰৱল খহনীয়া ।

ইফালে শেহতীয়াকৈ এই অঞ্চলত বিশ্ব বেংকৰ জৰিয়তে দিহিং নদীৰ খহনীয়াৰ ৰোধ কৰিবলৈ আৰম্ভ হোৱা আঁচনিৰ কৰ্মকো বাধা প্ৰদান কৰিছে এই বালি মাফিয়াই । কেৱল ইমানেই নহয়, ইতিমধ্যে ডিব্ৰুগড় আৰু শিৱসাগৰ জিলা সংযোগ স্থাপন কৰি এই স্থানত নতুনকৈ আৰম্ভ হোৱা দিহিং নদীৰ দলঙৰ নিৰ্মাণ স্থানতো চলাই আছে বালিৰ খনন কাৰ্য । ডিব্ৰুগড় জিলাৰ অন্তৰ্গত এই স্থানত শিৱসাগৰ বন বিভাগে কেনেকৈ ভূ-মাফিয়াক ৰক্ষণাবেক্ষণ দি আহিছে তাক লৈ প্ৰশ্ন উঠিছে সচেতন মহলত ৷

এই সমগ্ৰ বিষয়টো সন্দৰ্ভত ইতিমধ্যেই বহু কেইটা দল-সংগঠনে জিলা উপায়ুক্তৰ জৰিয়তে তদন্ত বিচাৰি মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ বন বিভাগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে যদিও বন্ধ হোৱা নাই এই খনন কাৰ্য ।

লগতে পঢ়ক: Illegal sand mining on banks of Beki River: বেকী নৈৰ পাৰত অবৈধ বালি খনন কাৰ্যৰ বিৰোধিতা ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.