মৰাণ, 10 মে’ : যোৰহাট নগ্ন ভিডিঅ’কাণ্ডৰ উত্তেজনা মাৰ নৌযাঁওতেই এইবাৰ ডিব্ৰুগড়ত সংঘটিত হৈছে অনুৰূপ এক ঘটনা (Shameful case in Dibrugarh)৷ পত্নীৰ নগ্ন ছবি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অভিযোগ উত্থাপন হৈছে স্বামীৰ বিৰুদ্ধে (Allegation against husband upload wife photo)। ইয়াৰ পিচতে ন্যায় বিচাৰি ভুক্তভোগীগৰাকী লাহোৱাল আৰক্ষী থানাৰ দ্বাৰস্থ হৈছে ৷
উল্লেখ্য যে, ফটো ভাইৰেল কৰা যুৱকজনৰ পত্নীৰ বৰ্তমান বয়স 15 বছৰ ৷ এবছৰ পূৰ্বে এই যুৱকজনে কিশোৰীগৰাকীক পলুৱাই লৈ গৈ বিবাহপাশত আৱদ্ধ হৈছিল ৷ কিন্তু বিবাহৰ প্ৰায় দুমাহৰ পিচতে স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি পুনৰ নিজ গৃহলৈ ঘূৰি আহে বিবাহিতা কিশোৰীগৰাকী (Women nude viral photo) ৷ ইফালে, বিবাহৰ সময়ত কিশোৰীগৰাক বয়স আছিল কেৱল মাত্ৰ 14 বছৰ । যাৰ বাবে কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গও এইক্ষেত্ৰত সন্মত হোৱা নাছিল (Minor girl viral nude photo)।
তাৰ পাচতেই কিশোৰীগৰাকী মাতৃগৃহলৈ গুচি অহাৰ পিচত স্বামীয়ে কিশোৰীগৰাকীক স্বামীৰ গৃহলৈ ঘূৰি যাবলৈ মানসিক অত্যাচাৰ চলায় । অন্যথা কিশোৰীগৰাকীৰ নগ্ন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি দিয়াৰ ভাবুকি প্ৰদান কৰে । কিন্তু স্বামীৰ কথা কেৰেপ কৰা নাছিল কিশোৰীগৰাকীয়ে (Husband allegedly viral nude pictures of wife ) ৷
তাৰ পিচতে যুৱকজনে সংঘটিত কৰে এই নিৰ্লজ্জ কাণ্ড । যুৱকজনে বিগত এমাহ ধৰি সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্মত ভাইৰেল কৰিছে কিশোৰীগৰাকী নগ্ন ছবি । কিন্তু পত্নীয়ে সোধাত স্বামীয়ে এই অভিযোগ নস্যাৎ কৰি বেলেগেহে এই কাম কৰা বুলি কৈ উল্লেখ কৰে ৷ সম্প্ৰতি কিশোৰীগৰাকীয়ে ইয়াৰ উচিত ন্যায় বিচাৰি লাহোৱাল আৰক্ষী থানাত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।
ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে জনোৱা অনুসৰি, কিশোৰীগৰাকীক প্ৰায়েই মাৰ-ধৰ কৰিছিল স্বামীয়ে ৷ সেইবাবে কন্যাক পুনৰ স্বামীৰ গৃহলৈ নপঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল মাতৃয়ে ৷ এই ঘটনাৰ পিচতে কিশোৰীগৰাকীৰ মাতৃয়েও জোৱাঁয়েকৰ সৈতে কথা পাতি নগ্ন ছবিসমূহ ডিলিট কৰিবলৈ অনুৰোধ কৰিছিল ৷ কিন্তু জোঁৱায়েকে ফটো আপলোড কৰাৰ কথা নস্যাৎ কৰি এই কাণ্ড বেলেগে সংঘটিত কৰা বুলি কৈ দায়িত্ব সাৰিছিল ৷ এতিয়া আৰক্ষীৰ তদন্ততহে আহিব ঘটনাৰ প্ৰকৃত সত্য ৷
লগতে পঢ়ক: Murder in Dalgaon: জোঁৱাইৰ ঘাপত প্ৰাণ হেৰুৱালে শহুৰে