ডিব্ৰুগড়, ২০ অক্টোবৰ: ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিছে যদিও দৰমহা পইচাৰে নোজোৰে একাংশ চৰকাৰী কৰ্মচাৰীক । মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ উৎকোচ নোলোৱাৰ কিন্তু নামানে একাংশ চৰকাৰ কৰ্মচাৰীয়ে । ফলত প্ৰায়ে ৰাইজৰ অভিযোগত আটক হৈছে এজনৰ পাছত আন এজন চৰকাৰী কৰ্মচাৰী । বুধবাৰে ৭০০ টকা উৎকোচ লৈ হাত দাঙিব লগা হ'ল ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক দিতিমণি গগৈ আৰু দালাল পংকজ শইকীয়া(Vigilance and Anti corruption Assam) ।
ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া কাৰ্যালয়ত বুধবাৰে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখা সঞ্চালকালয়ৰ চলিছিল চাডেন অভিযান। এই অভিযানতেই এজন ব্যক্তিৰ পৰা ৭০০ টকা উৎকোচ লোৱাৰ অভিযোগত হাতে-লোটে গ্ৰেপ্তাৰ হ'বলগীয়া হয় কনিষ্ঠ সহায়ক দিতিমণি গগৈ(DTO office Jr Assistant arrested) । অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি বিভাগৰ কাৰ্যালয়ত দিতিমণিয়ে দালাল পংকজ শইকীয়াক ঘনিষ্ঠৰূপে লৈ সহজ সৰল বাহন চালকৰ পৰা লুটি গৈছিল লক্ষ লক্ষ টকা ।
কিন্তু মঙলবাৰে দিন বেয়া আছিল দিতিমণি গগৈ আৰু দালাল পংকজ শইকীয়াৰ । দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই দুয়োজনকে আটক কৰি কাৰ্যালয়ৰ ভিতৰতে সন্ধিয়ালৈকে চলায় মাৰাথন জেৰা ৷ ইয়াৰ পাছতে দিতিমণিৰ ডিব্ৰুগড়ৰ উদয়পুৰত থকা জে এছ বি ফ্লেটতো অভিযানকাৰী দলে চলালে অভিযান । প্ৰথম অৱস্থাত দিতিমণিৰ পুত্ৰই এই অভিযান চলোৱাত বাধা প্ৰদান কৰিছিল আৰক্ষীক । হাতত জাতীয় পতাকা লৈ বাধা দিছিল অভিযান চলোৱাত ।
কিন্তু আৰক্ষীয়ে আৰম্ভ কৰিলে দিতিমণিৰ গৃহত তীব্ৰ অভিযান । নিশা এপৰলৈকে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখা দলে দিতিমণিক লগত লৈ তেওঁৰ গৃহত চলালে এই অভিযান । দিতিমণিৰ ফ্লেটৰ পৰা অভিযানকাৰী দলে উদ্ধাৰ কৰে প্ৰায় ৯,৩০,৫০০ টকা । ইয়াৰ পাছতে বিষয়াগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰাই গুৱাহাটী লৈ যোৱা হয় ৷
ডিব্ৰুগড় জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ এই ঘটনাই পুনৰ উদঙাই দিলে চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ আচল স্বৰূপ । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো টকাৰ লোভ কমা নাই এইসকল চৰকাৰী বিষয়াৰ । লগতে দালালেই যে ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া কাৰ্যালয় ভৰি আছে সেই কথাই পুনৰ প্ৰমাণ হ'ল । কিন্তু এটা চৰকাৰী কাৰ্যালয়ৰ ভিতৰতে চৰকাৰী কৰ্মচাৰীৰ লগত এজন দালাল আটক হোৱা বিষয়টোৱে ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে ।
লগতে পঢ়ক: Certificate forgery in Police Recruitment: ১১ জনলৈ বৃদ্ধি গ্ৰেপ্তাৰ হোৱা প্ৰাৰ্থীৰ সংখ্যা