ETV Bharat / state

Demands for death penalty: বিতৰ্কিত আজিজ আহমেদৰ ফাঁচী বিচাৰি ডিব্ৰুগড়ত প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 7:26 AM IST

হিন্দু ক্ৰান্তী দলৰ প্ৰতিবাদত উত্তাল হ’ল ডিব্ৰুগড় । এগৰাকী যুৱতীক পৰিকল্পিতভাৱে হত্যা কৰি নাটকীয়ভাৱে দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ গোচৰত অভিযুক্ত আজিজ আহমেদ ওৰফে মুন্নাৰ ফাঁচীৰ দাবীত হিন্দু ক্ৰান্তি দলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

Dibrugarh murder case
হিন্দু ক্ৰান্তী দলৰ প্ৰতিবাদত উত্তাল হ’ল ডিব্ৰুগড়
হিন্দু ক্ৰান্তি দলৰ প্ৰতিবাদত উত্তাল হ’ল ডিব্ৰুগড়

ডিব্ৰুগড়, 14 ছেপ্টেম্বৰ : চৰ্চাত আজিজ আহমেদকাণ্ড ৷ 10 ছেপ্টেম্বৰৰ পুৱা ডিব্ৰুগড়ৰ বকুল বাইপাছত ডিব্ৰুগড়ত এগৰাকী যুৱতীক পৰিকল্পিতভাৱে হত্যা কৰি নাটকীয়ভাৱে দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰা ঘটনাই ৰাজ্য জোকাৰি গৈছে । এই ঘটনাৰ উচিত তদন্তৰ লগতে মূল অভিযুক্ত আজিজ আহমেদক ফাঁচী দিয়াৰ দাবীত নিশাৰ ভাগত বুধবাৰে হিন্দু ক্ৰান্তি দলৰ ডিব্ৰুগড় জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰেমৰ চলনাৰে নৃশংসভাৱে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিব খোজা অভিযুক্ত আজিজ আহমেদ ওৰফে মুন্নাৰ ফাঁচীৰ বিচাৰি প্ৰতিবাদত উত্তাল হৈ পৰিল জিলাখন । আনকি ডিব্ৰুগড় চহৰৰ পুৰণি ৰে’লৱে ষ্টেচনৰ পৰা থানা চাৰিআলিলৈকে এক প্ৰতিবাদী সমদলো বাহিৰ কৰে হিন্দু ক্ৰান্তি দলে । এই প্ৰতিবাদী কাৰ্যসূচীত মৃত যুৱতীগৰাকীৰ মাতৃ আৰু ভগ্নীয়েও অংশগ্ৰহণ কৰি হত্যাকাৰী আজিজ আহমেদক ফাঁচীৰ দাবী উত্থাপন কৰে ।

উল্লেখ্য যে, ঘটনা অনুসৰি 10 ছেপ্টেম্বৰৰ পুৱা ডিব্ৰুগড়ৰ বকুল বাইপাছত এগৰাকী যুৱতীৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হৈছিল । যুৱতীগৰাকীৰ কাষতে দেহত তেজ লগা অৱস্থাত উদ্ধাৰ হৈছিল এজন যুৱক আৰু এখন বিলাসী বাহন । উদ্ধাৰ হোৱা মৃত যুৱতীগৰাকী খলিহামাৰীৰ বুলি চিনাক্ত কৰা পাচতেই আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ।

লগতে পঢ়ক : Deadbody Recovered: ডিব্ৰুগড়ৰ বকুল বাইপাছত ৰহস্যজনক অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ; ঘটনাই লৈছে নতুন মোৰ

কিয়নো যুৱতীগৰাকীৰ কাষত পৰি থকা যুৱক আজিজ আহমেদৰ দেহত কোনো আঘাতৰ চিন প্ৰত্যক্ষ কৰা নাছিল আৰক্ষী আৰু স্থানীয় ৰাইজে । ইয়াৰ পাচতে সোমবাৰে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই সংবাদমেল অনুষ্ঠিত কৰি ৰাজহুৱা কৰিলে ডিব্ৰুগড়ৰ বকপৰা-বকুল বাইপাছত দেওবাৰে উদ্ধাৰ হোৱা যুৱতীগৰাকীক আজিজ আহমেদ ওৰফে মুন্নাই পৰিকল্পিতভাৱে হত্যা কৰি পথ দুৰ্ঘটনাৰ ৰূপ দিব বিচাৰিছিল ।

ইতিমধ্য অভিযুক্ত আজিজ আহমেদক আৰক্ষীয়ে নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Dibrugarh murder case : হত্যাৰ পূৰ্বে যুৱতীৰ সৈতে ধাবাত সুৰাপান কৰিছিল আজিজে; পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.