ডিব্ৰুগড়, 24 ফেব্ৰুৱাৰী: ডিব্ৰুগড়ৰ লাহোৱালৰ বকুলৰ জাপিহজিয়া অঞ্চলত থকা কোৱালিটি ফাৰ্মা নামৰ ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানত বুধবাৰে এক উত্তেজনাৰ সৃষ্টি হয় । এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক মাৰপিট কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তেজনা পৰিস্থিতি ৷
ঘটনাৰ বিৱৰণ অনুসৰি প্ৰতিষ্ঠানটোৰ মালিক শ্যাম সুন্দৰ ডামানি আৰু পৰিচালকে এটা কুকুৰৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিষ্ঠানটোৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক মাৰপিট কৰে ৷ পিকু গগৈ নামৰ কৰ্মচাৰীজনক স্বত্বাধিকাৰী শ্যাম ডামানীয়ে মাৰপিট কৰাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হয় ।
জানিব পৰা মতে শ্যাম সুন্দৰ ডামানিৰ পোহনীয়া কুকুৰটোৱে কেইদিনমান পূৰ্বে পিংকু গগৈ নামৰ কৰ্মচাৰী জনক কামোৰা পাচতে কুকুৰটোৰ মৃত্যু হয় ৷ ইফালে কৰ্মচাৰী জনে কুকুৰটো হত্যা কৰাৰ সন্দেহত স্বত্বাধিকাৰিয়ে নিজ ঘৰলৈ মাতি পঠাই গুৰুতৰ ভাবে প্ৰহাৰ কৰে পিংকু গগৈক ৷
এই ঘটনাক কেন্দ্ৰ কৰিয়ে একাংশ স্থানীয় লোকে প্ৰতিষ্ঠানখন বন্ধা কৰা লগতে পৰিচালক আৰু স্বত্বাধিকাৰিজনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ ইফালে পিংকু গগৈৰ গোচৰৰ ভিত্তিত দুজন কৰ্মচাৰী আৰু প্ৰতিষ্ঠানখনৰ পৰিচালকক আটক কৰিছে ৷
লগতে পঢ়ক: অসমক পুনৰ 6 মাহলৈ 'অশান্ত অঞ্চল' ঘোষণা