ETV Bharat / state

ভয়ংকৰ গৰাখহনীয়াঃ নিঃশেষৰ পথত টিংখাঙৰ এখন চৰকাৰী বিদ্যালয় - Tinkhang

ভয়ংকৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে টিংখাঙত। লংবৈজান নদীয়ে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৫ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা টিংখাঙৰ এখন চৰকাৰী বিদ্যালয়লৈ ।

ভয়ংকৰ গৰাখহনীয়াঃ নিঃশেষৰ পথত টিংখাঙৰ এখন চৰকাৰী বিদ্যালয়
author img

By

Published : Sep 13, 2019, 10:26 AM IST

Updated : Sep 13, 2019, 11:36 AM IST

টিংখাঙ, 13 ছেপ্টেম্বৰঃ বুঢ়ালুইতৰ শক্তি ভেটিবলৈ যেন অসমৰ্থ অসম চৰকাৰৰ জলসম্পদ নামৰ বিভাগটো ৷ ‘চোৰ গলে বুদ্ধি বৰষুণ গলে জাপি'ৰ দৰে কৰ্ম কৰা বিভাগটোৰ বাবেই ব্যাপক আতংকত ভুগিব লগা হৈছে টিংখাঙৰ ৰাইজ ।

লংবৈজান নদীৰ গৰাখহনীয়াৰ কবলত টিংখাঙৰ এখন চৰকাৰী বিদ্যালয়

ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰা পৰিলক্ষিত হৈছে টিংখাঙৰ পিঠাগুটি পঞ্চায়তৰ অন্তৰ্গত " লংবৈজান মজলীয়া বিদ্যালয় " ৷ প্ৰতিবছৰে বিদ্যালয়খনৰ কাষেৰে বৈ যোৱা লংবৈজান নদীয়ে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৫ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনলৈ ৷ প্ৰতিবছৰে গৰাখহনীয়াই ক্ৰমান্বয়ে খহাই আনিছে বিদ্যালয়খনৰ ভূমি । নদীৰ খহনীয়াৰ কৱলত পৰি জাহ যোৱাৰ উপক্ৰম ঘটিছে বিদ্যালয়ৰ চৌহদৰ বেৰাৰ লগতে শৌচাগাৰ আৰু প্ৰশ্ৰাৱগাৰৰ লগতে বিদ্যালয়ৰ এটা অংশ ।

যিকোনো মুহূৰ্ততে খহনীয়াৰ কৱলত পৰিব পাৰে বিদ্যালয়ৰ মূল গৃহটো । বিদ্যালয় কৰ্তৃপক্ষ তথা স্থানীয় ৰাইজৰ বাৰম্বাৰ আৱেদনৰ সত্ত্বেও এই ক্ষেত্ৰত আজিলৈকে কোনো উচিত পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ।

Intro:।। ভয়ংকৰ গৰাখহনীয়াৰ কবলত টিংখাঙৰ এখন চৰকাৰী বিদ্যালয়।।লংবৈজান নদীয়ে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৫ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনলৈ।

Body:টিংখাং- ১৩ ছেপ্টেম্বৰ ।

V.O- ভয়ংকৰ গৰা খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে টিংখাঙৰ এখন বিদ্যালয়ৰ প্ৰতি। বছৰ-বছৰ ধৰি খহনীয়াৰ কবলত পৰিছে টিংখাঙৰ পিঠাগুটি পঞ্চায়তৰ অন্তৰ্গত " লংবৈজান মজলীয়া বিদ্যালয় "।বিদ্যালয়খনৰ কাষেৰে পাৰ হৈ যোৱা লংবৈজান নদীয়ে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৫ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনলৈ।
নৈখনে ক্ৰমান্বয়ে খহাই আনিছে বিদ্যালয়ৰ ভূমি। নদীৰ খহনীয়াৰ কবলত পৰি জাহ যোৱাৰ উপক্ৰম হৈছে বিদ্যালয়ৰ চৌহদৰ বেৰাৰ লগতে শৌচাগাৰ আৰু পেচাৱগাৰৰ লগতে বিদ্যালয়ৰ এটা অংশ। যিকোনো মুহূৰ্ততে খহনীয়াৰ কবলত পৰিব পাৰে বিদ্যালয়ৰ মূল গৃহটো। বিদ্যালয় কৰ্তৃপক্ষ তথা স্থানীয় ৰাইজৰ বাৰম্বাৰ আবেদনৰ পাচতো এই ক্ষেত্ৰত আজিলৈকে কোনো উচিত পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই।

Byte-(1)- প্ৰধান শিক্ষক।Conclusion:বিগত কংগ্ৰেছ চৰকাৰৰ দিনত বালিৰ বস্তা দি খহনীয়া ৰোধৰ চেষ্টা হাতত লৈছিল যদিও সিও ফুটুকাৰ ফেনতহে পৰিণত হ'ল। এইক্ষেত্ৰত বৰ্তমানৰ বিধায়ক বিমল বড়া তথা পিঠাগুটি পঞ্চায়ত প্ৰতিনিধিক ব্যৱস্থা গ্ৰহণৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই আবেদন জনাইছে যদিও আজিলৈকে কোনো সুফল লাভ কৰা নাই। সেয়েহে খহনীয়াৰ কবলৰ পৰা বিদ্যালয়খন ৰক্ষা কৰাৰ বাবে বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰ তথা স্থানীয় বিধায়ক বিমল বড়াৰ প্ৰতি আহ্বান জনাইছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্থানীয় দল-সংগঠন সমূহে।

Byte-(2)- বিষয়বৱীয়া , আদিবাসী ছাত্র সন্থা।

টিংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত,অসম।
Last Updated : Sep 13, 2019, 11:36 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.