মৰাণ, 1 ছেপ্তেম্বৰ: 50 বছৰত ভৰি দিলে টিংখাং মহাবিদ্যালয়ে (Golden jubilee program celebrated )৷ বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ আৰম্ভ কৰা হৈছে (Golden jubilee celebrated at Tingkhong College) ৷ বৃহত্তৰ টিংখাং অঞ্চলৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান টিংখাং মহাবিদ্যালয়খনৰ প্ৰাংগনত দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশ ৷
বৃহস্পতিবাৰে পুৱা মহাবিদ্যালয়খনৰ প্ৰাংগনত সোণালী জয়ন্তীৰ উপলক্ষে বিশেষ পতাকা পতাকা, মহাবিদ্যালয় পতাকাৰ লগতে 49 খন পতাকা উত্তোলনেৰে কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় ৷ পতাকা উত্তোলন কাৰ্যসূচী শুভাৰম্ভ কৰে সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী বিমল বড়াই (Minister Bimal Bora)৷ শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড৹ মুকুলচন্দ্ৰ বৰাই ৷
অনুষ্ঠানৰ মাজতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে মাৰ্চ-পাছত অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি নিৰ্মাণ কৰা নৱ-নিৰ্মিত প্ৰৱেশ পথ উন্মোচন কৰে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড৹ যতিন কোঁৱৰে ৷
উল্লেখযোগ্য যে সোণালী জয়ন্তী সমাৰোহৰ তিনিদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা অতিথি সকলৰ আপ্যায়নৰ বাবে মহাবিদ্যালয়ৰ চৌহদত সাজু কৰি তোলা হৈছে বিশাল আকাৰৰ ভোজনালয় ৷ উক্ত ভোজনালয়ত দৈনিক 4 হাজাৰ লোকৰ বাবে খাদ্যৰ ব্যৱস্থা কৰা হৈছে বুলি জনায় উদ্যোক্তাসকলে ৷
লগতে পঢ়ক: অৰুণাচলত পতঞ্জলিৰ তেল সংশাধন আঁচনিৰ ভূমি পূজন-আধাৰশিলা