মৰাণ,5 জানুৱাৰী: আন্তৰ্জাতিক ব্ৰেইল দিৱস উপলক্ষে সোমবাৰে ডিব্ৰুগড়ত সম্পন্ন হয় এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ ৷ ৰাষ্ট্ৰীয় বাল সুৰক্ষা কাৰ্যক্ৰম আৰু নেশ্যনেল প্ৰগ্ৰেম ফ’ৰ কণ্ট্ৰল অৱ ব্লাইডনেছৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই শিবিৰ অনুষ্ঠিত হয় ৷ ছাত্ৰীসকলৰ সুবিধাৰ্থে আয়োজিত এই শিবিৰৰ শেষত চকুৰ ৰোগত ভোগা ছাত্ৰীসকলক বিনামূলীয়া চশমা প্ৰদান কৰা হয় ৷
অনুষ্ঠানত উপস্থিত থাকি জিলাখনৰ অতিৰিক্ত উপায়ুক্ত ডিপু কুমাৰ ডেকাই বিশ্ব ব্ৰেইল দিৱসৰ তাৎপৰ্য বাখ্যা কৰে ৷ উক্ত অনুষ্ঠানতে স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ কৃষ্ণা কেম্প্ৰাই, ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অধ্যক্ষাৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে ৷