ETV Bharat / state

ঐতিহাসিক পাটকাই পাহাৰত চ্যাও চেং ৰেং নিৰ্মাণৰ লাইখুঁটা স্থাপন

দেওবাৰে জয়পুৰ টিপাম টিলাত স্থাপন কৰা হয় ‘চ্যাও চেং ৰেং’ নিৰ্মাণৰ লাইখুঁটা ৷ উল্লেখ্য যে,এই টিপাম টিলাৰ পৰাই 600 বছৰ গৌৰৱোজ্জ্বল আহোম ৰাজত্বৰ সোণালী যুগে পাতনি মেলিছিল ।

Foundation of Chao Cheng Reng in Patkai hills
ঐতিহাসিক পাটকাই পাহাৰত চ্যাও চেং ৰেং নিৰ্মাণৰ লাইখুঁটা স্থাপন
author img

By

Published : Aug 10, 2020, 12:37 PM IST

Updated : Aug 10, 2020, 1:42 PM IST

ডিব্ৰুগড়, 10 আগষ্ট: বুঢ়ী-দিহিং নৈৰ পাৰত ঐতিহাসিক পাটকাই পাহাৰৰ উচ্চ শিখৰত জয়পুৰ টিপাম টিলাত দেওবাৰে স্থাপন কৰা হয় ‘চ্যাও চেং ৰেং’ নিৰ্মাণৰ লাইখুটা ৷ যুগ-যুগান্তৰ ধৰি সাৰ-পানী যোগান ধৰি প্ৰাণী জগত তথা মানৱ জাতিক উৎসাহিত কৰি অহা 600 বছৰীয়া আহোম ৰাজত্বৰ সোণালী যুগৰ পাতনিৰ কেন্দ্ৰস্থল জয়পুৰ টিপামত এতিয়া খলকনি ৷

ঐতিহাসিক পাটকাই পাহাৰত চ্যাও চেং ৰেং নিৰ্মাণৰ লাইখুঁটা স্থাপন

উল্লেখ্য যে,ইতিহাসৰ পাতত আজিও সোণালী আখৰেৰে জিলিকি আছে 1228 খৃষ্টাব্দতে স্বৰ্গদেউ চাও লুং চ্যুকাফাই 9999 জন দা-ডাঙৰীয়া,সৈন্য-সামন্ত, লগোৱা-লিকচৌ, হাতী-ঘোঁৰাৰে দলে-বলে সুদূৰ চীন দেশৰ মুংমাওৰ পৰা পদাৰ্পন কৰাৰ চিহ্ন ৷ টিপাম টিলাৰ পৰাই আৰম্ভ হৈছিল 600 বছৰ আহোম গৌৰৱোজ্জ্বল ৰাজত্বৰ সোণালী যুগৰ পাতনি ।

অসম চৰকাৰৰ উদ্যোগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একক প্ৰচেষ্টাত আৰু স্থানীয় দল-সংগঠনৰ সহযোগত 2017 চনত পালন কৰা অসম দিৱসত এই আপুৰুগীয়া ঠাইখিনিক বিশ্ববাসীৰ জ্ঞাতাৰ্থে পৰ্যটনস্থলী হিচাপে নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

লগতে পঢ়ক: যোৰহাটত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড,দুজনৰ মৃত্যু

Last Updated : Aug 10, 2020, 1:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.