ETV Bharat / state

লাহোৱালত হোম কোৱাৰেণ্টাইনত থকা পৰিয়ালক খাদ্য সামগ্ৰী যোগান বিধায়কৰ - হোম কোৱাৰেণ্টাইন

ডিব্ৰুগড়ৰ লাহোৱালত ক'ভিড-১৯ত আক্ৰান্ত হৈ হোম কোৱাৰেণ্টাইনত থকা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰিলে বিধায়ক বিনোদ হাজৰিকাই । ৫৪টা পৰিয়ালৰ মাজত চৰকাৰে আগবঢ়োৱা খাদ্য সামগ্ৰী বিতৰণ কৰে লাহোৱাল সমষ্টিৰ বিধায়কগৰাকীয়ে ।

Food items distribution in Lahowal
লাহোৱালত হোম কোৱাৰেণ্টাইনত থকা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰিলে বিধায়ক বিনোদ হাজৰিকাই
author img

By

Published : Jun 4, 2021, 1:12 PM IST

ডিব্ৰুগড়, ৪ জুন: কৰ'ণাসৃষ্ট পৰিস্থিতিয়ে বৰ্তমান বহুতৰে জীৱনলৈ বিপৰ্যয় মাতি আনিছে । উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত আৰ্থিক সংকটত ভূগিবলগীয়া হৈছে বহু লোকে । একে সময়তে দৈনিক শ শ লোক ক'ভিড-১৯ত আক্ৰান্ত হৈ আছে । বহুতেই হোম কোৱাৰেণ্টাইনত আছে ।

ঘৰৰ পৰা ওলাব নোৱাৰাৰ বাবে খাদ্যৰ নাটনি হৈছে এই লোকসকলৰ । শুকুৰবাৰে ডিব্ৰুগড়ৰ লাহোৱাল মণ্ডলৰ অন্তৰ্গত মোহনবাৰী গাঁও পঞ্চায়তৰ বাঁছ বাৰীত হোম কোৱাৰেণ্টেইনত থকা লোকসকলৰ মাজত চৰকাৰে বহন কৰা খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । প্ৰায় ৫৪ টা পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰা হয় । লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই দলীয় কৰ্মীৰ সৈতে লগ হৈ এই খাদ্য সামগ্ৰীবোৰ বিতৰণ কৰে ।

লগতে গাঁওবাসীক ক'ভিড পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে । বিধায়কগৰাকীক সংগ দিয়ে মোহনবাৰী পঞ্চায়তৰ সভাপতি ৰঞ্জন বৰুৱা, চক্ৰ বিষয়া সুজাতা গগৈ, মোহনবাৰী জিলা পৰিষদৰ সদস্যা ৰাণু গগৈ, মোহনবাৰী পঞ্চায়ত সম্পাদক উমা শৰ্মা, লাহোৱাল মণ্ডলৰ মহিলা মৰ্চা সভানেত্রী ববী শইকীয়া লগতে স্বাস্থ্য কৰ্মীৰ, ৱাৰ্ড মেম্বাৰ আৰু দলীয় কাৰ্যকতাসকল উপস্থিত থাকে ।

লগতে পঢ়ক:সৰুপথাৰৰ বিশিষ্ট সমাজকৰ্মী শম্ভূনাথ সেনৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.