মৰাণ,২৫ জুনঃ চাওলুং চ্যুকাফাক চীনৰ দেশৰ নাগৰিক আৰু আক্ৰমণকাৰী অপব্যাখ্যাৰে বৰ অসম গঢ়োতা স্বৰ্গদেউ চ্যুকাফাৰ লগতে সমগ্ৰ অসমীয়া জাতিক অপমান কৰা পশ্চিম বংগৰ কলিকতা নিবাসী তথাকথিত বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে আহোম জাতীয় গণ মঞ্চই বুধবাৰে মৰাণহাট থানাত এখন এজাহাৰ দাখিল কৰে ৷ এজাহাৰ দাখিলৰ পাছতে সংবাদ মাধ্যমলৈ এক বিবৃত্তি প্ৰেৰণ কৰে সংগঠনটোৱে ৷
সংগঠনটোৰ সভাপতি মহেন্দ্ৰ দিহিঙীয়া, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক লোহিত বৰুৱা আৰু সহকাৰী সাধাৰণ সম্পাদক অকন ভূঞা স্বাক্ষৰিত এই বিবৃত্তিত উল্লেখ আছে যে," ভাৰত-চীনৰ সম্পৰ্কৰ সাম্প্ৰতিক পৰিস্থিতিত এনে মন্তব্য কৰি গৰ্গ চেটাৰ্জীয়ে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ কৰিছে ৷ গ্ৰেপ্তাৰ কৰিবলৈ যোৱা অসম আৰক্ষীক বাধা প্ৰদান কৰিবলৈ বাঙালী সম্প্ৰদায়ৰ লোকক উচটনি দিয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবি ৰাজহুৱাকৈ ভৰিৰে গছকি অপমান কৰা গৰ্গ চেটাৰ্জীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায়" ৷
এই ক্ষেত্ৰত আইনগতভাৱে কঠেৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে সংগঠনটোৱে ৷ উল্লেখ্য যে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি অসমলৈ অনাৰ বাবে বিগত 19 জুনতেই আৰক্ষীক নিদেৰ্শ দিছিল মুখ্যমন্ত্ৰী সোণোৱালে । গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ 153 (E)ধাৰা, তথ্য-প্ৰযুক্তি আইনৰ 67 ধাৰাৰ অধীনত 10/2020 নম্বৰত এটা গোচৰ ৰুজু কৰি এগৰাকী DCP সমপৰ্যায়ৰ বিষয়াক ইয়াৰ তদন্তৰ ভাৰ প্ৰদান কৰিছে মহানগৰ আৰক্ষীয়ে । কিন্তু এই পৰ্যন্ত গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিব পৰা নাই অসম আৰক্ষীয়ে । ইতিমধ্যে অসমৰ বিভিন্ন আৰক্ষী থানা দল সংগঠনে গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে ৷ উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও সময়ে সময়ে অসম আৰু অসমীয়াৰ বিৰুদ্ধে বিভিন্ন অপমানসূচক মন্তব্য কৰি আহিছিল তথাকথিত বুদ্ধিজীৱি গৰাকীয়ে ।
লগতে পঢ়কঃবাৰিষাৰ দ্বিতীয়টো বানৰ কবলত ৰাজ্য