ETV Bharat / state

ইটিভিৰ বাতৰিৰ প্ৰভাৱঃখোৱাঙত বালিৰ ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ বন বিভাগ - forest department action against khowang sand syndicate

ধাৰাবাহিক বাতৰি পৰিৱেশনৰ পিছতো খোৱাঙত বালিৰ ছিণ্ডিকেট নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই বনবিভাগে ৷ আনহাতে, টিভিত এই সন্দৰ্ভত বাতৰি পৰিৱেশন হোৱাৰ পাছতে বুধবাৰে সন্ধিয়া ‌খোৱাং আঞ্চলিক বন বিষয়া ইকবাল আহমেদে খোৱাং আৰক্ষীৰ সহযোগত হালধিবাৰী দিঘীচিগাত চলি থকা অবৈধ বালি মহল বন্ধ কৰিবলৈ অভিযান চলায় । বিষয়া জনে বালি মহললৈ যোৱাৰ পথটো জে চি বি লগাই দ’ খাল কৰি দিয়ে যাতে কোনো ধৰণৰ বালি গাড়ী অবৈধ মহলটোলৈ সোমাব নোৱাৰে ।

Etv news impact,forest department action against khowang sand syndicate
ইটিভিৰ বাতৰিৰ প্ৰভাৱঃখোৱাঙত বালিৰ ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ বন বিভাগ
author img

By

Published : Mar 5, 2020, 1:03 PM IST

মৰাণ,4 মাৰ্চঃ ধাৰাবাহিক বাতৰি পৰিৱেশনৰ পিছতো খোৱাঙত বালিৰ ছিণ্ডিকেট নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই বনবিভাগে ৷ ডিব্ৰুগড় জিলা বন সংমণ্ডল বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ খোৱাঙৰ বুঢ়ীদিহিং নদীৰ দীঘলীয়া হোলা আৰু দীঘলী ছিগাত দুটাকৈ অবৈধ বালি মহলত বালি মাফিয়াই কৰ ফাঁকি দি দিনে ৰাতিয়ে বালি খনন কৰি আছে যদিও নীৰৱ দৰ্শক হৈ আছে বন বিভাগ । উল্লেখ্য যে, দুয়োটা বালি মহলৰ পৰা প্ৰতি দিনে ১০০ত কৈ বেছি গাড়ীৰে বালি কঢ়িয়াও হয় । বুঢ়ীদিহিঙৰ বুকুত নিৰৱছিন্ন ভাৱে বালি খনন কৰি থকাৰ ফলত ওচৰৰ মথাউৰিৰ বাবে নামি আহিছে ভাবুকি ৷ ইতিমধ্যে ৰাইজে এই সমস্যাৰ বিষয়ে বন বিভাগক বাৰম্বাৰ অৱগত কৰি আহিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাছিল বন বিভাগে । ইটিভিত এই সন্দৰ্ভত বাতৰি পৰিৱেশন হোৱাৰ পাছতে বুধবাৰে সন্ধিয়া ‌খোৱাং আঞ্চলিক বন বিষয়া ইকবাল আহমেদে খোৱাং আৰক্ষীৰ সহযোগত হালধিবাৰী দিঘীচিগাত চলি থকা অবৈধ বালি মহল বন্ধ কৰিবলৈ অভিযান চলায় । বিষয়া জনে বালি মহললৈ যোৱাৰ পথটো জে চি বি লগাই দ' খাল কৰি দিয়ে যাতে কোনো ধৰণৰ বালি গাড়ী অবৈধ মহলটোলৈ সোমাব নোৱাৰে । বিষয়া জনে জানিবলৈ দিয়া অনুসৰি প্ৰতিটো অবৈধ বালি মহল বন্ধ কৰিবলৈ অতিশীঘ্ৰে অভিযান চলোৱা হ'ব ।

Etv news impact,forest department action against khowang sand syndicate
খোৱাঙত বালিৰ ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ বন বিভাগ

লগতে পঢ়ক-অখিল গগৈৰ পক্ষত আছু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.