ETV Bharat / state

মইনা গাঁৱত বুঢ়ীদিহিঙৰ ভয়ংকৰ খহনীয়া

author img

By

Published : Jun 22, 2021, 9:29 PM IST

মৰাণ বিধান সভা সমষ্টিৰ ঠায়ে ঠায়ে ভয়ংকৰ গৰা খহনীয়াৰ সৃষ্টি কৰিছে বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে ৷ ৰাইজে অভিযোগ অনুসৰি খহনীয়া ৰোধ কৰাৰ বাবে বহুবাৰ বিভাগীয় মন্ত্ৰী-বিষয়াক আবেদন জনাইছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷

Erosion of Burhidihing
মইনা গাঁৱত বুঢ়ীদিহিঙৰ ভয়ংকৰ খহনীয়া

মৰাণ, 22 জুন : বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে ঠায়ে ঠায়ে ভয়ংকৰ গৰা খহনীয়াৰ সৃষ্টি কৰিছে । যাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে বুঢ়ীদিহিংপৰীয়া ৰাইজ ৷ ৰাইজে সদৰি কৰা মতে ইতিমধ্যে শতাধিক লোকে খহনীয়াত কৃষি ভূমিৰ পৰা ঘৰ ভেঁটিও হেৰুৱাব লগা হৈছে ৷

ৰাজ্য চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰা সময়তে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ খোৱাং গাঁও পঞ্চায়তৰ অন্তৰ্গত মইনা গাঁৱৰ বুঢ়ীদিহিং নদীৰ ৰিং বান্ধ চপৰা চপৰে খহিবলৈ আৰম্ভ কৰিছে ৷ ৰাইজে অভিযোগ অনুসৰি খহনীয়া ৰোধ কৰাৰ বাবে বহুবাৰ বিভাগীয় মন্ত্ৰী-বিষয়াক আবেদন জনাইছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷

মইনা গাঁৱত বুঢ়ীদিহিঙৰ ভয়ংকৰ খহনীয়া

উল্লেখ্য যে, প্ৰতিবছৰে বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে নদীৰ দুয়োপাৰত সৃষ্টি কৰা খহনীয়াৰ ফলত ৰাইজৰ সা-সম্পত্তি বুঢ়ীদিহিঙৰ বুকুত জাহ জোৱাৰ লগতে বহু লোক গৃহহীন হৈ পৰিছে ৷

ৰাইজে জানিবলৈ দিয়া মতে, বিগত চৰকাৰৰ দিনত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে বিভাগীয় বিষয়া সকলে এই গৰাখহনীয়া পৰিদৰ্শন কৰি প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্যন্ত কোনো খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ৷ যাৰ পৰিপেক্ষিতত স্থানীয় বিধায়কৰ লগতে চৰকাৰক বুঢ়ীদিহিং নদীৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি গাঁওখনক ৰক্ষা কৰিবলৈ পুনৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক: বুঢ়ীদিহিঙৰ গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.