ডিব্ৰুগড়, 28 এপ্ৰিলঃ সমগ্ৰ দেশতে লক ডাউন,কঠোৰ জিলা প্ৰশাসন,ইয়াৰ মাজতে ডিব্ৰুগড়ত প্ৰৱেশ পঞ্জাৱৰ ব্যক্তি । যাক লৈ আতংকই বিৰাজ কৰিছে এতিয়া জিলাখনত ডিব্ৰুগড়ৰ মৰণাত ধৰা পৰিল এজন পঞ্জাৱী লোক ৷ তেওঁ পথ নিৰ্মাণৰ কামত অহা বুলি জানিব পৰা গৈছে।
ইফালে লোকজনক লৈ সতৰ্ক হৈছে ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগ,ইতিমধ্যেই স্বাস্থ্য সঞ্চালক ডাঃ নৱজ্যোতি গগৈৰ নিৰ্দেশত স্বাস্থ্য বিভাগৰ দলে লোকজনক কোৱাৰেইন্টাইনলৈ নিয়াৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে ৷ আনহাতে স্বাস্থ্য বিষয়া জনে জনোৱা মতে ডিব্ৰুগড়ত বহিঃ ৰাজ্য তথা জিলাৰ মানুহ নিষিদ্ধ থকা স্বত্বেও বে-আইনী ভাৱে প্ৰৱেশ ঘটিছে বহিঃজিলাৰ বিভিন্ন লোকৰ। যাক লৈ যথেষ্ট সমস্যা আৰু চিন্তাত পৰিছে স্বাস্থ্য বিভাগ।
লগতে পঢকঃ বিশ্বনাথত দুৰ্ঘটনাত পতিত হোৱা আছু নেতাৰ মৃত্যু