ETV Bharat / state

ডিব্ৰুগড়ত স্বামী গৃহৰ বিৰুদ্ধে বোৱাৰী নিৰ্যাতনৰ অভিযোগ - dowry torture

ডিব্ৰুগড়ত উচ্চ শিক্ষিতা বোৱাৰীক যৌতুকৰ দাবীত অকথ্য নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে । নিৰ্যাতনৰ এক অভিযোগৰ ভিত্তিত উদ্ধাৰ কৰি আৰক্ষীয়ে পিতৃৰ গৃহলৈ লৈ আহে ভোক্তভোগী মহিলা গৰাকীক ।

ডিব্ৰুগড়ত স্বামী গৃহৰ বিৰুদ্ধে বোৱাৰী নিৰ্যাতনৰ অভিযোগ

author img

By

Published : Apr 8, 2021, 10:56 PM IST

ডিব্ৰুগড়, 8এপ্ৰিল: ডিব্ৰুগড়ত উচ্চ শিক্ষিতা বোৱাৰীক যৌতুকৰ দাবীত অকথ্য নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে । নিৰ্যাতনৰ এক অভিযোগৰ পিছত উদ্ধাৰ কৰি আৰক্ষীয়ে পিতৃৰ গৃহলৈ হৈ আহে ভোক্তভোগী মহিলা গৰাকীক ।

উচ্চ শিক্ষিতা ভোক্তভোগী মহিলা গৰাকীৰ অভিযোগৰ ভিত্তিত ডিব্ৰুগড় সদৰ থানাত ভাৰতীয় দণ্ডবিধী আইনৰ 498(A)/307ipcR/W sec 4 of D.P.act ৰ অধীনত 705/21 আৰু GR 1305/21 নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰা হৈছে ৷ যদিও অভিযুক্ত স্বামী মুছাদিক লটিফ, শহুৰ মেহবুব লটিফ আৰু শাহু ফাৰহানা লটিফক বৰ্তমানেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

ডিব্ৰুগড়ত স্বামী গৃহৰ বিৰুদ্ধে বোৱাৰী নিৰ্যাতনৰ অভিযোগ

উল্লেখ্য যে, নুমলীগড় কেন্দ্ৰীয় বিদ্যালয় পৰা প্ৰবেশিকা পৰীক্ষা পাছ কৰা পাছত ৰাজস্থান এমেথি বিশ্ববিদ্যালয়ৰ পৰা এম বি এ পৰীক্ষাত সুক্ষাতীৰে উত্তীৰ্ণ হোৱাৰ পাছত ঘৰলৈ ঘূৰি অহা ডিব্ৰুগড়ৰ প্ৰতিষ্ঠিত এগৰাকী ব্যৱসায়ীৰ কন্যা মেধাৱী ছাত্ৰী গৰাকীয়ে ফেচবুকৰ জৰিয়তে পৰিচয় হৈছিল ডিব্ৰুগড় নালিয়াপুৰ এমি আৰ ৰোডৰ মুজাদিক লটিফৰ সৈতে । পিছত দুয়ো ২০১৯ বর্ষৰ ১১ ফেব্ৰুৱাৰীত প্ৰেম বিবাহত আবদ্ধ হৈছিল ।

কিন্তু মুজাদিক লটিফ নামৰ যুৱকজনে বিবাহৰ পাছৰে পৰা মুজাদিক আৰু তেওঁৰ পিতৃ-মাতৃয়ে বোৱাৰী গৰাকীৰ পিতৃৰ সমুদায় সম্পত্তি বোৱাৰী গৰাকীৰ নামত লিখি দিবলৈ হেঁচা দিয়াৰ লগতে শাৰীৰিক-মানসিক নির্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত কৰিছে ভোক্তভোগী পৰিয়ালটোৱে ।

বিভিন্ন পন্থা অৱলম্বন কৰি ভোক্তভোগী মহিলা গৰাকীক দাবী কৰা যৌতুক নিদিয়াৰ বাবে বহুবাৰ হত্যা কৰিবলৈ প্ৰচেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে । দেহত দুবাৰকৈ অগ্নিসংযাগ কৰি তেওঁক জীৱন্তে জ্বলাই দিবলৈ চেষ্টা চলাৱাৰ লগতে নিদ্ৰাৰত অৱস্থাত মুখত গাৰুৰে হত্যাৰ প্ৰেচেষ্টা কৰিছিল অভিযুক্ত স্বামী মুছাদিক লটিফ আৰু তেওঁৰ পৰিয়ালে ৷ আনকি বহু বাৰ শাৰীৰিক ভাবেও প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছে ভোক্তভোগী মহিলা গৰাকীয়ে ।

আনকি গুৰুতৰ ভাৱে আহত হোৱাৰ পাছতো স্বামী আৰু শহুৱেকে মহিলা গৰাকীক চিকিৎসা গ্ৰহণ কৰিবলৈ নিদিয়াৰো অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীয়ে । কোনো দিনে ঘৰৰ সৈতে যোগাযোগ কৰিবলৈ দিয়া নাছিল মহিলা গৰাকীক । শেহতীয়াকৈ মুজাদিকৰ লগতে তেওঁৰ পিতৃ মাতৃয়ে ভোক্তভোগী মহিলা গৰাকীৰ ওপৰত অকথ্য নিৰ্যাতন চলাই হত্যা কৰাৰ পৰিকল্পনা কৰাৰ উমান পাই সুযোগ বুজি আৰক্ষীক গোপনে ফোনযোগে যোগাযাগ কৰাত আৰক্ষীয়ে অশেষত উদ্ধাৰ কৰে মহিলা গৰাকীক ।

এগৰাকী উচ্চ শিক্ষিত বোৱাৰীৰ ওপৰত ধাৰাবাহিক ভাৱে নির্যাতন চলোৱাৰ লগতে হত্যা কৰা পৰিকল্পনা কৰাৰ অভিযোগ উঠা এই ঘটনাই চহৰখনত তীব্ৰ প্রতিক্রিয়াৰ সৃষ্টি কৰিছে । ইতিমধ্যে বিভিন্ন নাৰী সংগঠনেও আৰক্ষীৰ নিৰব ভুমিকাত ক্ষুব্ধ হোৱাৰ লগতে শীঘ্ৰে অভিযুক্ত স্বাৰ্মীক আৰু শহুৰ-শাহুৱকক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক: বিধানসভা নিৰ্বাচন 2021 : সুৰা জব্দৰ তালিকাৰ শীৰ্ষত অসম আৰু পশ্চিমবংগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.