ETV Bharat / state

মৰাণত পথ নিৰ্মাণকাৰ্যত ব্য়াপক অনিয়মৰ অভিযোগ - মৰাণত পথ নিৰ্মাণকাৰ্যত ব্য়াপক অনিয়ম

মৰাণত পথ নিৰ্মাণ কাৰ্যত ঠিকাদাৰে ব্য়াপক দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ অভিযোগ অনুসৰি, ঠিকাদাৰ গৰাকীয়ে নিজৰ কৰ্তব্যত গাফিলতি কৰি আত্মসাৎ কৰিছে ধন ৷

পথ নিৰ্মাণকাৰ্যত ব্য়াপক অনিয়মৰ অভিযোগ
পথ নিৰ্মাণকাৰ্যত ব্য়াপক অনিয়মৰ অভিযোগ
author img

By

Published : Sep 20, 2020, 2:14 PM IST

মৰাণ, 20 ছেপ্তেম্বৰ: মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ অন্তৰ্গত মৰাণ সমষ্টিত পথ নিৰ্মাণৰ কামত অনিয়মৰ অভিযোগ ৷ অভিযোগ অনুসৰি, পথ নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰা হৈছিল স্থানীয় বিধায়ক চক্ৰধৰ গগৈৰ ঘনিষ্ঠ ৰঞ্জিৎ চাংমাই নামৰ ঠিকাদাৰ এগৰাকীক ৷ কিন্তু ঠিকাদাৰ গৰাকীয়ে নিজৰ কৰ্তব্যত গাফিলতি কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ কৰিছে ৰাইজে ৷

মৰাণত পথ নিৰ্মাণকাৰ্যত ব্য়াপক অনিয়মৰ অভিযোগ

উল্লেখ্য যে, মৰাণ বিধানসভা সমষ্টিৰ নাহৰনী গাঁও পঞ্চায়তৰ লুকুমাই খৃষ্টান গাঁও পথৰ পৰা ডিমৌ কিনাৰ বঙালী গাঁও সংযোগী পথটো ২০১৮-১৯ বৰ্ষত চতুৰ্থ বিত্তীয় আয়োগৰ অধীনত ৩,৬৮,৭৯৭ লাখ টকাৰে মেৰামতি কৰা বাবে অনুমোদন প্ৰদান কৰা হৈছিল ৷ কিন্তু ঠিকাদাৰ জনে পথটো মেৰামতি কৰাৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰি মাত্ৰ কেইগাড়ীমান শিল পেলাইয়ে নিজৰ দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এনে কামৰ বিৰোধিতাৰে ৰাইজে বহুবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও, আজি পৰ্যন্ত ঠিকাদাৰৰ বিৰুদ্ধে কোনো ধৰণৰ তদন্ত নোহোৱাৰ কথা জানিবলৈ দিয়ে তেওঁলোকে ৷ শিল পেলোৱাৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰা পথটো সম্প্ৰতি এজাক বৰষুণত হোৱা একাঁঠু বোকাত পোত যায় ৷ ইয়াকে ক্ষোভিত হৈ পৰা ৰাইজে সম্প্ৰতি স্থানীয় বিধায়ক গৰাকীক অতি শীঘ্ৰেই পথটোৰ কাম নিয়াৰিকৈ সম্পাদন কৰিবলৈ আহ্বান জনায় ৷ অন্যথা তেওঁলোকে ইয়াৰ পৰিণাম সমাগত নিৰ্বাচনত ভুগিব লাগিব বুলি সকীয়নি প্ৰদান কৰে ৷

লগতে পঢ়ক: বিদ্যালয় খোলাক লৈ দোমোজাত পৰিছে কৰ্তৃপক্ষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.