ETV Bharat / state

ডিব্ৰুগড়ত ক'ভিডৰ নীতি নিৰ্দেশনা মানি দেৱী বিৰ্সজন

author img

By

Published : Oct 26, 2020, 3:47 PM IST

ডিব্ৰুগড় জিলা প্ৰশাসনে ব্ৰহ্মপুত্ৰ কছাৰীঘাটত আয়োজন কৰিছে প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা। সন্ধিয়া হোৱাৰ পূৰ্বেই ক'ভিডৰ নীতি নিৰ্দেশনা মানি দেৱী বিৰ্সজন পৰ্ব শেষ কৰিব লাগিব ৷

DIBRUGHAR puja situation
ডিব্ৰুগড়ত ক'ভিডৰ নীতি নিৰ্দেশনা মানি দেৱী বিৰ্সজন

ডিব্ৰুগড়,26 অক্টোবৰ: ডিব্ৰুগড় জিলা প্ৰশাসনে প্ৰতি বছৰৰ দৰে এইবাৰো ব্ৰহ্মপুত্ৰ কছাৰীঘাটত নিৰ্ধাৰণ কৰিছে দশমীৰ আয়োজন অৰ্থাৎ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা। অৱশ্যে এইবাৰ পূৰ্বৰ দৰে পৰিৱেশ নেদেখিব ডিব্ৰুগড়ৰ জনসাধাৰণে। দেৱী দূৰ্গাক বিৰ্সজনৰ শেষ মুহূৰ্তত পথৰ পৰা দৰ্শন কৰি চাউল চটিয়াই আৰ্শীবাদ গ্ৰহণ কৰিব পৰা নোৱাৰিব ৷ নাথাকিব হাজাৰ হাজাৰ লোকৰ কোনো সমদল । কোনো চাউণ্ড চিষ্টেম আদিও বজাব নোৱাৰিব । প্ৰতিখন পূজাৰ মাত্ৰ দহ জন লোক আৰু মাত্ৰ এখন গাড়ীত দেৱীৰ প্ৰতিমা নিয়াৰ বাবেহে অনুমতি প্ৰদান কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে।

ৰাজপথত উচ্চ স্বৰত শুনা নাযাব "নাকাবন্দি-নাকাবন্দি","জিলে-লে জিলে-লে"গীত। উল্লেখ্য় যে বিগত বছৰ বছৰ ধৰি এই গীট কেইটা আছিল প্ৰতিমা বিসৰ্জনৰ চিৰপৰিচিত গান। ডিব্ৰুগড়ৰ সৰু বৰ প্ৰায় 200 ৰো অধিক প্ৰতিমা বিসৰ্জনৰ বাবে নৈৰ ঘাটলৈ যোৱা প্ৰত্যেকটো সমদলত এই গীত কেইটাৰ তালে তালে নৃত্য কৰি যোৱাটো স্বাভাৱিক আছিল। কিন্তু আজি ইয়াৰ অবিহনে সন্ধিয়া হোৱাৰ পূৰ্বেই ক'ভিডৰ নীতি নিৰ্দেশনা মানি দেৱী বিৰ্সজন পৰ্ব শেষ কৰিব লাগিব ৷

লগতে পঢ়ক: তেজপুৰ জাহাজঘাটত দেৱী বিসৰ্জনৰ কাৰ্যসূচী আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.