ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন: ৩৪ গৰাকীয়ে দাখিল কৰিলে মনোনয়ন - ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোট

সমগ্ৰ ৰাজ্য এতিয়া আক্ৰান্ত নিৰ্বাচনী জ্বৰত ৷ অসম বিধানসভাৰ নিৰ্বাচনৰ লেখীয়াকৈ পূৰ্ণ প্ৰস্তুতি চলিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ 34 গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন ৷

Dibrugarh University Election assam etv bharat news
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন
author img

By

Published : Mar 31, 2021, 7:36 AM IST

মৰাণ,31 মাৰ্চ: ৮ এপ্ৰিলত অনুষ্ঠিত হ’ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন ৷ বহু বাদ-বিবাদ, তৰ্ক-বিতৰ্কৰ অৱসান ঘটাই উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বাবে ৩৪ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন ৷ বিশ্ববিদ্যালয়খনৰ সভাপতি হিচাপে ধৃতিষা গগৈ, উপ-সভাপতি বিশাল শৰ্মা, সাধাৰণ সম্পাদক লব্ধপ্ৰতিম দাস, সাংস্কৃতিক সম্পাদিকা অভিলাষা বৰুৱা, সহকাৰী সম্পাদক পাৰ্থজ্যোতি গগৈকে ধৰি ৩৪ গৰাকীয়ে ছাত্ৰ-ছাত্ৰীয়ে মনোনয়ন দাখিল কৰা বুলি জানিব পৰা গৈছে ৷

Dibrugarh University Election assam etv bharat news
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৩ বাৰকৈ নিৰ্বাচনৰ দিন ঘোষণা কৰিও অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন ৷ অৱশেষত চতুৰ্থবাৰৰ বাবে ঘোষিত জাননীত ৮ এপ্ৰিলত বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ চূড়ান্ত দিন ধাৰ্য কৰা হৈছে ৷ বহু বাদ-বিসম্বাদ, ছাত্ৰ আন্দোলন আদিৰ বাবে বিশ্ববিদ্যালয়খনৰ সাধাৰণ নিৰ্বাচন নিৰ্ধাৰিত দিনত অনুষ্ঠিত হোৱা নাছিল ৷ ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ নিৰ্বাচন অনুষ্ঠিত নহৈ এইবাৰ ২০২০-২০২১ বৰ্ষৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷

৩৪ গৰাকীয়ে দাখিল কৰিলে মনোনয়ন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোট আৰু অন্যান্য সমৰ্থনৰ দুই গোটৰ মাজত এই নিৰ্বাচনক লৈ পূৰ্বে তীব্ৰ বাদ-বিবাদ সৃষ্টি হৈছিল ৷ আন্দোলনতো নামি পৰিছিল একাংশ ছাত্ৰ, যাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়ে ইয়াৰ পূৰ্বে তিনিবাৰকৈ নিৰ্বাচনৰ দিন ঘোষণা কৰা স্বত্বেও বাতিল কৰিবলগা হৈছিল নিৰ্বাচন ৷ নিৰ্বাচনৰ বাবে ২৫ মাৰ্চৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহৰ পিছতে ৩০ মাৰ্চ-১ এপ্ৰিললৈকে মনোনয়ন পত্ৰ দাখিলৰ উঠাই লোৱা পৰ্যন্ত সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে ৷ আনহাতে, ৫ এপ্ৰিলৰ ২.৩০ বজাৰ পৰা প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান আৰম্ভ কৰিব পাৰিব ৷ ৮ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ অনুষ্ঠিত হ'ব ভোটদান প্ৰক্ৰিয়া আৰু তাৰ পাছতেই আৰম্ভ কৰা হ'ব ভোট গণনা ৷

লগতে চাওকঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.