ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি কৰা যুৱকক গ্ৰেপ্তাৰ - পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি কৰি ভুৱা জাননী উলিওৱা এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ বিশ্ববিদ্যালয় খনৰ পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি কৰি পৰীক্ষা বাতিলৰ নিৰ্দেশনা উলিওৱাৰ ভয়ংকৰ অপৰাধত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হ’ল লক্ষ্য বিকাশ গগৈ নামৰ যুৱকজন ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি কৰা যুৱকক গ্ৰেপ্তাৰ

author img

By

Published : Apr 24, 2021, 10:48 PM IST

ডিব্ৰুগড়,24এপ্ৰিল : শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি কৰি ভুৱা জাননী উলিওৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ'ল এজন যুৱক । পৰীক্ষা বাতিলৰ নিৰ্দেশনা উলিওৱাৰ ভয়ংকৰ অপৰাধত লক্ষ্য বিকাশ গগৈ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । যুৱক জনৰ ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে ।

যুৱকজনে যোৱা ৬ এপ্ৰিল আৰু ২০ এপ্ৰিলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৰু বিশ্ববিদ্যালয় অধীনৰ মহাবিদ্যালয় সমুহৰ পৰীক্ষা বাতিল কৰা হ’ল বুলি পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি কৰি এক ভুৱা নিৰ্দেশনা উলিয়াইছিল । যাৰ বাবে বিশ্ববিদ্যালয়ৰ লগতে প্ৰায় দুই শতাধিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বিপাঙত পৰিছিল ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি কৰা যুৱকক গ্ৰেপ্তাৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি কৰা যুৱকক গ্ৰেপ্তাৰ

এই লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় কতৃপক্ষই যোৱা ২০ এপ্ৰিলতে ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীক এক গোচৰ ৰুজু কৰিছিল । ডিব্ৰুগড় আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধী আইনৰ ১২০বি/৪১৯/৪৬৮/৪৭১/১৯৮ ধাৰাৰ অধীনত ৮৪৬/২১ গোচৰৰ ভিত্তিত তিনিচুকীয়া জিলাৰ পানীতোলা লাইপুলি কদমনি গাঁৱৰ লক্ষ্য বিকাশ গগৈক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে যুৱকজনৰ পৰা জব্দ কৰে এটা ম'বাইল ফোন ।

উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয় কতৃপক্ষই শেহতীয়াকৈ ক'ভিডৰ ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি ২৩ এপ্ৰিলতহে বিশ্ববিদ্যালয়ৰ অধীনৰ পৰীক্ষা সমুহ বাতিল কৰিছিল ।

অন্য এক খবৰৰ বাবে: পৰিস্থিতি সাপেক্ষে ৰাজ্যত লকডাউন হ'ব পাৰে:সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.