ETV Bharat / state

Pottery industry in Assam : এশ বছৰ পুৰণি ডিব্ৰুগড়ৰ মাটিৰ চাকি বজাৰত মৃৎশিল্পীৰ ব্যস্ততা

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 12:56 PM IST

ডিব্ৰুগড়ৰ এশ বছৰ পুৰণি মাটিৰ চাকি বজাৰত মৃৎশিল্পীৰ ব্যস্ততা ৷ এই বজাৰত ভিন্ন ৰূপত মাটিৰ চাকিৰ সমাহাৰ ঘটা দেখিবলৈ পোৱা গৈছে ৷ অৱশ্যে বিদেশী ৰঙীণ লাইটৰ প্ৰভাৱত ডিব্ৰুগড়ৰ পুৰণি মাটিৰ চাকি বজাৰত গ্ৰাহকৰ সেৰেঙা উপস্থিতিয়ে কিছু চিন্তাত পেলাইছে মৃৎশিল্পীসকল ৷

Pottery industry in Assam
মাটিৰ চাকি বজাৰত মৃৎশিল্পীৰ ব্যস্ততা
মাটিৰ চাকি বজাৰত মৃৎশিল্পীৰ ব্যস্ততা

ডিব্ৰুগড়, 10 নৱেম্বৰ : সমাগত পোহৰৰ উৎসৱ দীপান্বিতা । দীপাৱলীৰ দিনা আপোনাৰ ঘৰৰ চৌপাশ আলোকেৰে উজলাই তুলিবলৈ দিন-ৰাতি একাকাৰ কৰিছে মাটিৰ খনিকৰসকলে । আপোনাৰ-মোৰ ঘৰ আৰু পদূলিমুখ আলোকেৰে উজ্জ্বল কৰি জিলিকাই তুলিবলৈ মৃৎশিল্পীসকলে সাজি উলিয়াইছে সৰু-বৰ বিভিন্ন আকৃতিৰ মাটিৰ চাকি ।

ডিব্ৰুগড়ৰত আছে এশ বছৰৰো অধিক এখন পুৰণি বজাৰ । বহু মৃৎ শিল্পীয়ে পূৰ্বপুৰুষৰ দিনৰে পৰা ডিব্ৰুগড়ত মাটিৰ চাকি প্ৰস্তুত কৰি এই বজাৰখনৰ জৰিয়তে জীৱন জীৱিকাৰ পথ মুকলি কৰি আহিছে । বিগত বহু শ বছৰৰ আগৰে পৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত এইসকল মৃৎশিল্পীয়ে মাটিৰ চাকি প্ৰস্তুত কৰি এই শিল্পক ডিব্ৰুগড়ত জীয়াই ৰখাৰ প্ৰয়াস কৰি আহিছে ।

ইতিমধ্যে দীপাৱলী উপলক্ষে ব্ৰহ্মপুত্ৰৰ পাৰত ভিন্ন ৰূপত মাটিৰ চাকি সমাহাৰ ঘটিছে । পূৰ্বৰ তুলনাত চলিত বৰ্ষত মাটিৰ চাকিৰ বিক্ৰী হ্ৰাস পাইছে ডিব্ৰুগড়ত । ৰাজ্য চৰকাৰৰ লগতে ডিব্ৰুগড় জিলা প্ৰশাসনে বিদেশী ৰঙীণ লাইট ডিব্ৰুগড়ত বন্ধ কৰাৰ বাবে চেষ্টা কৰি আহিছে যদিও একাংশ ব্যৱসায়ীয়ে অধিক লাভৰ আশাত বিক্ৰী আছে বিদেশৰ পৰা ৰপ্তানী হোৱা নানা ধৰণৰ ৰঙীণ লাইট । যাৰ প্ৰভাৱ পৰিছে স্থানীয় থলুৱা মাটিৰ চাকি বিক্ৰী কৰি জীৱন নামৰ নৌকাখন চলাই থকা মৃৎশিল্পীসকলৰ ওপৰত ।

পূৰ্বে এই সময়চোৱাত নিতৌ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা জিলাখনৰ নানা স্থানলৈ ৰপ্তানী হৈ আছিল থলুৱা শিল্পীসকলে নিৰ্মাণ কৰা এনে মাটিৰ চাকিসমূহ । পূৰ্বতকৈ কম যদিও এইবাৰো হাতত মোনা লৈ থলুৱা শিল্পীয়ে প্ৰস্তুত কৰা এই মাটিৰ চাকি কিনিবলৈ বহু গ্ৰাহকে বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

অৱশ্যে পূৰ্বে যেনেদৰে বিক্ৰী হৈছিল তেনেদৰে এইবাৰ কিছু কম হৈছে বুলিও সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে মৃৎশিল্পীসকলে । তথাপিও পৰিয়ালৰ পৰম্পৰা ৰক্ষা কৰি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পাৰত এইসকল লোকে বছৰৰ পাচত বছৰ নিৰ্মাণ কৰিছে মাটিৰ চাকিৰ লগতে মাটিৰ বিভিন্ন সামগ্ৰী ।

লগতে পঢ়ক : Pottery industry in Assam : দীপান্বিতাক লৈ বৃদ্ধি মৃৎশিল্পীৰ ব্যস্ততা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.