ETV Bharat / state

Dibrugarh murder case : যুৱতী হত্যাৰ অভিযুক্ত আজিজ আহমেদ ওৰফে মুন্নাৰ বিৰুদ্ধে পোহৰলৈ আহিছে ন ন কু-কীৰ্তিৰ তথ্য

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 3:22 PM IST

ডিব্ৰুগড়ৰ যুৱতী হত্যাকাণ্ডৰ অভিযুক্ত আজিজ আহমেদ ওৰফে মুন্নাৰ বিৰুদ্ধে পোহৰলৈ আহিছে ন ন কু-কীৰ্তিৰ তথ্য ৷ জুৱাৰ আড্ডাৰ পৰা আৰম্ভ কৰি নাৰী দেহৰ ব্যৱসায়লৈকে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আজিজ আহমেদৰ বিৰুদ্ধে ৷

Dibrugarh murder case Update
নাৰী দেহৰ ব্যৱসায়লৈকে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আজিজ আহমেদৰ বিৰুদ্ধে
আজিজ আহমেদৰ বিৰুদ্ধে পোহৰলৈ আহিছে ন ন কু-কীৰ্তিৰ তথ্য

ডিব্ৰুগড়, 13 ছেপ্টেম্বৰ : ডিব্ৰুগড়ত এগৰাকী যুৱতীক পৰিকল্পিতভাৱে হত্যা কৰি নাটকীয় ভাৱে দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ ঘটনাই ৰাজ্য জোকাৰি গৈছে ৷ হত্যাকাণ্ডৰ অভিযুক্ত আজিজ আহমেদ ওৰফে মুন্নাৰ বিৰুদ্ধে পোহৰলৈ আহিছে ন ন কু-কীৰ্তিৰ তথ্য ৷ জুৱাৰ আড্ডাৰ পৰা আৰম্ভ কৰি নাৰী দেহৰ ব্যৱসায়লৈকে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আজিজ আহমেদৰ বিৰুদ্ধে ৷ বহু যুৱতীক প্ৰেমৰ জালত পেলাই ব্লেকমেইল কৰি সৰকাই আহিছিল লাখ লাখ টকা ৷

প্ৰৱঞ্চক আজিজৰ এই প্ৰেমৰ জালত ভৰি থৈ দিশহাৰা হৈ পৰিল মৃত মৌচুমী শৰ্মা ওৰফে মেহেকৰ পৰিয়াল ৷ অভিযোগ অনুসৰি আজিজে কৰা ব্লেকমেইলিঙৰ বাবে প্ৰায় তিনি লাখ টকা দিবলগীয়া হৈছিল মেহেকৰ পাঞ্জাৱত কৰ্মৰত জ্যেষ্ঠ ভগ্নীয়ে ৷ এপ্ৰিল মাহত আজিজৰ একাউন্টলৈ জ্যেষ্ঠ ভগ্নীয়ে পঠাইছিল প্ৰায় ১ লাখ ২০ হাজাৰ টকা ৷ জুন মাহত ভগ্নী মেহেকৰ একাউন্টলৈ প্ৰেৰণ কৰিছিল ১ লাখ ৫০ হাজাৰ টকা ৷ পৰৱৰ্তী সময়ত পুনৰ ৫০ হাজাৰ টকা পঠাইছিল মেহেকৰ বেংক একাউন্টলৈ ৷ আনকি হত্যা সংঘটিত কৰাৰ পূৰ্বে, সন্ধিয়া জ্যেষ্ঠ ভগ্নীৰ পৰা আজিজ আহমেদক দিব লাগে বুলি 30 হাজাৰ টকা লৈছিল মৃত মৌচুমী শৰ্মা ওৰফে মেহেকে ৷

জ্যেষ্ঠ ভগ্নীয়ে এই বৃহৎ পৰিমাণৰ ধন বিচৰাৰ কাৰণ জানিব বিচৰাত মেহেকে মাথোঁ জনাইছিল ব্লেকমেইলিঙৰ কথা ৷ মৃত মেহেকৰ পাঞ্জাৱত কৰ্মৰত জ্যেষ্ঠ ভগ্নীয়ে মঙলবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ এই সমূহ অভিযোগ হত্যাকাৰী আজিজ আহমেদৰ বিৰুদ্ধে উত্থাপিত কৰিছে ৷ লগতে মেহেকৰ হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আহ্বান জনাইছে ৷ উত্থাপিত অভিযোগ অনুসৰি মেহেকৰ দৰে আন বহু যুৱতীয়ে ভণ্ড আজিজৰ প্ৰেমৰ জালত ভৰি থৈ ব্লেকমেইলিঙৰ বলি হৈছিল ৷ নাম প্ৰকাশত অনিচ্ছুক বহু যুৱতীয়ে আজিজৰ বিৰুদ্ধে এই ঘটনা সংঘটিত হোৱাৰ পাছতে ডিব্ৰুগড় আৰক্ষীৰ কাষ চাপিছে ৷

যুৱতীক প্ৰেমৰ জালত পেলাই ব্লেকমেইলিঙৰ দৰে ভয়ংকৰ কাৰ্যত জড়িত হৈ পৰে দেহ ব্যৱসায়ৰে জড়িত আজিজ আহমেদ ওৰফে মুন্নাই ৷ ডিব্ৰুগড়ৰ একাংশৰ অভিযোগ আজিজ ওৰফে মুন্নাই বিলাসী বাহনত নতুন নতুন মুখৰ নাৰী-যুৱতীৰে ঘূৰি ফুৰাৰ দৃশ্য তেনেই সুলভ ৷ লাহোৱাল, চাবুৱাৰ একাংশ ধাবাৰ সুৰাৰ আড্ডালৈ প্ৰায়েই নিছিল নতুন নতুন মুখৰ যুৱতীক ৷ ঘটনা অনুসৰি ১০ ছেপ্টেম্বৰৰ পুৱা ডিব্ৰুগড়ৰ বকুল বাইপাছত যুৱতীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ হৈছিল ৷ যুৱতী গৰাকীৰ কাষতে দেহত তেজ লগা অৱস্থাত উদ্ধাৰ হৈছিল এজন যুৱক আৰু এখন বিলাসী বাহন ৷ উদ্ধাৰ হোৱা মৃত যুৱতীগৰাকী খলিহামাৰীৰ মৌচুমী শৰ্মা ওৰফে মেহেক বুলি চিনাক্ত কৰা পাছতেই আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ৷

কিয়নো যুৱতীৰগৰাকীৰ কাষত পৰি থকা যুৱক আজিজ আহমেদৰ দেহত কোনো আঘাতৰ চিন লাভ কৰা নাছিল আৰক্ষী আৰু স্থানীয় ৰাইজে ৷ ইয়াৰ পাছতে সোমবাৰে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই সংবাদমেল অনুষ্ঠিত কৰি ৰাজহুৱা কৰিলে ডিব্ৰুগড়ৰ বকপৰা-বকুল বাইপাছত দেওবাৰে উদ্ধাৰ হোৱা মেহেক নামৰ যুৱতীক গৰাকীক আজিজ আহমেদ ওৰফে মুন্নাই পৰিকল্পিতভাৱে হত্যা কৰি পথ দুৰ্ঘটনা সজাব বিচাৰিছিল ৷ ইতিমধ্যে হত্যাকাৰী আজিজ আহমেদক আৰক্ষীয়ে নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Obscene messages to Student: নিশা ছাত্ৰীলৈ অশ্লীল মেছেজ দিয়াৰ অভিযোগ অংক ছাৰৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.