ETV Bharat / state

উচ্চ শিক্ষিত পুত্ৰক লগত লৈ খেতিৰ জৰিয়তে পিতৃৰ স্বাৱলম্বিতাৰ দিশে খোজ

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 10:41 AM IST

বান-বিভীষিকাৰ পাছতে বুঢ়ীদিহিঙৰ পাৰত হালধীয়া চাদৰ হৈ ফুলিছে সৰিয়হ । ডিব্ৰুগড় খোৱাঙৰ মইনা গাঁৱত বুঢ়ীদিহিং নৈৰ পাৰত পিতৃ আৰু উচ্চ শিক্ষিত তিনি পুত্ৰৰ ৰবি শস্যৰ খেতি । ৩০ বিঘা মাটিত ৰঙালাও ৪০ বিঘা মাটিত সৰিয়হ কৰি দেখুৱাইছে স্বাৱলম্বিতাৰ পথ । বুঢ়ীদিহিঙৰ পাৰৰ বিশাল পলসুৱা ভূমিত চকুৰে মনিব পৰালৈকে কেৱল হালধীয়া আৰু হালধীয়া ।

Attempt to become self-sufficient through cultivation
পিতা-পুত্ৰৰ স্বাৱলম্বিতাৰ নিদৰ্শন
পিতা-পুত্ৰৰ স্বাৱলম্বিতাৰ নিদৰ্শন

ডিব্ৰুগড়,২০ ডিচেম্বৰ: বুঢ়ীদিহিঙৰ পাৰৰ বিশাল পলসুৱা ভূমিত এতিয়া চকুৰে মনিব পৰালৈকে কেৱল হালধীয়া । বান-বিভীষিকাৰ পাছতে বুঢ়ীদিহিঙৰ পাৰত হালধীয়া চাদৰ হৈ ফুলিছে সৰিয়হ । বিঘাই বিঘাই সৰিয়হ আৰু ৰঙালাও খেতিয়ে এতিয়া হাঁহি বিৰিঙাইছে কৃষকৰ মুখত । এবিঘা দুবিঘা নহয় মুঠ ৭০ বিঘা ভূমিত কৃষি কৰ্ম কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে খোৱাং মইনা গাঁৱৰ পিতৃ আৰু উচ্চ শিক্ষিত তিনি পুত্ৰই ।

ডিব্ৰুগড় জিলাৰ খোৱাং মইনা গাঁৱৰ ভূপেন ফুকনৰ পৰিয়ালটোৱে ৪০ বিঘা মাটিত সৰিয়হ, ৩০ বিঘা মাচিত ৰঙালাও খেতি কৰি মোকলাইছে স্বাৱলম্বিতাৰ বাট । তিনি পুত্ৰই উচ্চ শিক্ষাৰে শিক্ষিত যদিও বৰ্তমান নিবনুৱা । চৰকাৰী চাকৰি বিচৰাৰ সমান্তৰালকৈ এনেকৈ পিতৃ আৰু তিনি ককাই-ভাই মিলি কৃষিকৰ্মত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে বুঢ়ীদিহিঙৰ পাৰত কৰা ৪০ বিঘা ভূমিত হালধীয়া চাদৰ হৈ ফুলা সৰিয়হ ফুলবোৰে সৃষ্টি কৰিছে দৃষ্টিনন্দন পৰিৱেশৰ ।

লগতে ৩০ বিঘা ভূমিত কৰা উন্নত প্ৰজাতিৰ ৰঙালাও ইতিমধ্যে বজাৰলৈ উলিয়াই দিছে ফুকন পৰিয়ালে । কষ্টৰে কৰা এই ৰঙালাওসমূহ মৰাণ, খোৱাং, ৰাজমাইৰ লগতে বহিঃৰাজ্যলৈও প্ৰেৰণ কৰা হয় । বুঢ়ীদিহিঙৰ পাৰত বান-বিভীষিকাৰ পাছতে প্ৰতিবছৰৰ দৰে এইবাৰো ৭০ বিঘা মাটিত কৃষিকৰ্ম কৰি এই উচ্চ শিক্ষিত যুৱককেইজনে কৰ্ম-সংস্কৃতিৰ নিদৰ্শন দেখুৱাইছে যদিও লাভ কৰা নাই কোনো চৰকাৰী সা-সুবিধা ।

এইসকল উদীয়মান কৃষকক আজিও ঢুকি পোৱা নাই বিয়াগোম কৃষি বিভাগে । নিজস্ব চিন্তাৰে বুঢ়ীদিহিঙৰ পলসুৱা ভূমিত কৃষিকাৰ্যৰ জৰিয়তে পৰিয়ালটোৱে বছৰি যথেষ্ট টকা উপাৰ্জন কৰা লগতে বহু কেইজন লোকক দৈনন্দিন কৃষিকৰ্মত নিয়োজিত কৰি উপাৰ্জনৰ পথ দেখুৱাইছে । বুঢ়ীদিহিং নৈৰ পাৰত এইদৰে পিতৃ আৰু উচ্চ শিক্ষিত তিনি পুত্ৰই ৰবি শস্যৰ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে কৰ্ম-সংস্কৃতিৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ।

লগতে পঢ়ক: জ্য়েষ্ঠ বিজেপি নেতা উদয় শংকৰ হাজৰিকাই যোগদান কৰিব কংগ্ৰেছত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.