ETV Bharat / state

বিধায়ক বিমল বৰালৈ স্মাৰক পত্ৰ ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ - Dibrugarh district employee commission news

জয়পুৰ প্ৰাথমিক শিক্ষা খণ্ডই টিংখাং,ৰাজগড়,খোৱাং আদি সামৰি লোৱা শিক্ষা খণ্ডটো টিংখাঙৰ ৰাজগড়ত স্থাপন কৰাৰ লগতে মৰাণত এটা উপ-কোষাগাৰ স্থাপন কৰাৰ বাবে আবেদন জনায় টিংখাং সমষ্টিৰ বিধায়ক তথা বিজেপি বিধায়িনী দলৰ সচিব বিমল বৰাক ।

Dibrugarh district employee commission application to Bimal Borah
বিধায়ক বিমল বৰালৈ স্মাৰক পত্ৰ ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ
author img

By

Published : Feb 7, 2020, 10:37 AM IST

টিংখাং,7 ফেব্ৰুৱাৰীঃ টিংখাঙৰ ৰাজগড়ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় আৰু মৰাণত উপ-কোষাগাৰ স্থাপনৰ দাবী ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ ৷ ডিব্ৰুগড় জিলাৰ প্ৰাথমিক শিক্ষা বিভাগৰ অন্তৰ্গত জয়পুৰ শিক্ষা খণ্ডৰ দ্বাৰা টিংখাং আৰু খোৱাঙকে ধৰি প্ৰায় চাৰিশৰো অধিক প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় জয়পুৰ খণ্ডৰ দ্বাৰা পৰিচালিত হৈ আছে ৷ যাৰ ফলত বিদ্যালয়সমূহৰ পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷ সেয়েহে জয়পুৰ প্ৰাথমিক শিক্ষা খণ্ডই টিংখাং,ৰাজগড়,খোৱাং আদি সামৰি লোৱা শিক্ষা খণ্ডটো টিংখাঙৰ ৰাজগড়ত স্থাপন কৰিবলৈ জিলা কৰ্মচাৰী পৰিষদে দাবী উত্থাপন কৰিছে ৷

বিধায়ক বিমল বৰালৈ স্মাৰক পত্ৰ ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ

ইয়াৰ উপৰিও মৰাণত এটা উপ কোষাগাৰ স্থাপন কৰাৰ বাবেও কৰ্মচাৰী পৰিষদৰ সদস্যসকলে আবেদন জনায় টিংখাং সমষ্টিৰ বিধায়ক তথা বিজেপি বিধায়িনী দলৰ সচিব বিমল বৰাক । পৰিষদৰ সম্পাদক অনিল প্ৰসাদ সিংহৰ নেতৃত্বত অহা এটা দলে বিধায়কগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰে ৷ লগতে আগন্তুক বিধানসভা অধিৱেশনত বিষয়টো উত্থাপন কৰিবলৈ বিধায়ক গৰাকীক আহ্বান জনায় কৰ্মচাৰী পৰিষদৰ দলটোৱে ৷

লগতে পঢ়ক-বাৰেৰহণীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু কোকৰাঝাৰবাসী

Intro:টিংখাঙৰ ৰাজগড়ত শিক্ষা বিষয়াৰ কাৰ্যালয়, মৰাণত উপ-কোষাগাৰ স্থাপনৰ দাবী ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ । বিধান সভা অধিবেশনত বিষয়টো উত্থাপন কৰিবলৈ বিধায়ক বিমল বড়াক স্মাৰক পত্ৰ প্ৰদান ।

Body:টিংখাং- ডিব্ৰুগড় জিলাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ এটা কাৰ্যালয় টিংখাঙত স্থাপন কৰাৰ লগতে মৰাণত এটা উপ-কোষাগাৰ স্থাপন কৰাৰ দাবী উত্থাপন কৰিছে ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদে । উল্লেখ্য যেডিব্ৰুগড় জিলাৰ প্ৰাথমিক শিক্ষা বিভাগৰ অন্তৰ্গত জয়পুৰ জয়পুৰ শিক্ষা খণ্ডৰ দ্বাৰা টিংখাং আৰু খোৱাঙকে ধৰি প্ৰায় চাৰিশৰো অধিক প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় জয়পুৰ খণ্ডৰ দ্বাৰা পৰিচালিত হৈ অহাত যথেষ্ট অসুবিধা সৃষ্টি হৈ আহিব লগীয়া হৈছে। গতিকে জয়পুৰ প্ৰাথমিক শিক্ষা খণ্ডই টিংখাং, ৰাজগড়, খোৱাং আদি সামৰি লোৱা শিক্ষা খণ্ডটো টিংখাঙৰ ৰাজগড়ত স্থাপন কৰিবলৈ জিলা কৰ্মচাৰী পৰিষদে দাবী জনাই । লগতে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ১১৫ নং মৰাণ সমষ্টিৰ অন্তৰ্গত মৰাণত মৰাণ, টিংখাং, খোৱাং , ৰাজগড় আদি অঞ্চলৰ শিক্ষক কৰ্মচাৰী সমাজকে ধৰি চৰকাৰী কাম কাজত সুবিধা হোৱাকৈ মৰাণত এটা উপ কোষাগাৰ স্থাপন কৰি কৰ্মচাৰী সমাজক উপকৃত কৰিবলৈ আহ্বান জনায় টিংখাং সমষ্টিৰ বিধায়ক তথা বিজেপি বিধায়িনি দলৰ সচিব বিমল বড়াক । কৰ্মচাৰী পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি পলাশ কোঁৱৰ আৰু সম্পাদক অনিল প্ৰসাদ সিংহ স্বাক্ষৰিত দুখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে পৰিষদৰ সম্পাদক অনিল প্ৰসাদ সিংহৰ নেতৃত্বত অহা এটা দলে । কৰ্মচাৰী পৰিষদৰ দলটোৱে আগন্তোক বিধান সভা অধিৱেশনত বিষয়টো উত্থাপন কৰিবলৈ বিধায়ক গৰাকীক আহ্বান জনায় - Byte - 1

Conclusion:আনহাতে বিষয়টো গুৰুত্ব সহকাৰে লোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে -
Byte - 2

টিংখাঙৰ পৰা দীপক গগৈ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.