ETV Bharat / state

ডিব্ৰুগড়ত কৃত্ৰিম বানত প্ৰভাৱিত অঞ্চল পৰিদৰ্শন জিলা প্ৰশাসনৰৰ - বান প্ৰতিৰোধৰ বাবে আগতীয়াকৈ ব্যৱস্থা

বাৰিষাৰ পূৰ্বেই কৃত্ৰিম বান প্ৰতিৰোধৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনৰ । মঙলবাৰে অতিৰিক্ত উপায়ুক্ত ক্ৰমে ৰঞ্জিত কোঁৱৰ, তপন কুমাৰ গোহাঁইৰ লগতে জলসম্পদ বিভাগ আৰু ডিব্ৰুগড় পৌৰসভাৰ বিষয়াসকলে কৃত্ৰিম বানে প্ৰভাৱিত কৰা অঞ্চল পৰিদৰ্শন কৰে ।

ডিব্ৰুগড়ত কৃত্ৰিম বানে প্ৰভাৱিত কৰা অঞ্চল পৰিদৰ্শন জিলা প্ৰশাসনৰ বিষয়াৰ

author img

By

Published : Apr 6, 2021, 3:29 PM IST

Updated : Apr 6, 2021, 3:57 PM IST

মৰাণ, ৬ এপ্ৰিল: এইবাৰ কৃত্ৰিম বানে যাতে ডিব্ৰুগড় চহৰ প্লাৱিত কৰিব নোৱাৰে, তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । ডিব্ৰুগড় জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে মঙলবাৰে অতিৰিক্ত উপায়ুক্ত ক্ৰমে ৰঞ্জিত কোঁৱৰ, তপন কুমাৰ গোহাঁই আৰু জলসম্পদ বিভাগ আৰু ডিব্ৰুগড় পৌৰসভাৰ বিষয়াসকলে বানে প্ৰভাৱিত কৰা অঞ্চল পৰিদৰ্শন কৰে ।

ডিব্ৰুগড়ত কৃত্ৰিম বানে প্ৰভাৱিত কৰা অঞ্চল পৰিদৰ্শন জিলা প্ৰশাসনৰ বিষয়াৰ
ডিব্ৰুগড়ত কৃত্ৰিম বানে প্ৰভাৱিত কৰা অঞ্চল পৰিদৰ্শন জিলা প্ৰশাসনৰ বিষয়াৰ

বিশেষকৈ মাইজান, নতুনগাঁও, জালান চাহ বাগিচা আদি পৰিদৰ্শন কৰি বাৰিষা কেনেদৰে পানী পাম্পৰ জৰিয়তে সোনকালে নিষ্কাশন কৰিব পাৰি সেই সকলো ব্যৱস্থাৰ বিষয়ে বিষয়াসকলে বুজ লয় । ইতিমধ্যে, ডিব্ৰুগড় চহৰত পানী নিষ্কাষণৰ বাবে কেইবাটাও বৃহৎ পাম্প আহি পাইছেহি আৰু এই পাম্পসমূহ ক'ত কেনেকৈ সংস্থাপিত কৰা হ'ব তাৰ বিষয়েও বিষয়াসকলে চৰ্চা কৰে ।

মুঠতে বাৰিষা কৃত্ৰিম বানৰ কবলৰ পৰা ডিব্ৰুগড় চহৰৰ বাসিন্দাক ৰক্ষা কৰাৰ বাবে সু-ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰিছে জিলা প্ৰশাসনৰ বিষয়াসকলে । প্ৰতি বছৰে কৃত্ৰিম বানে চহৰখনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে । বাট-পথ পানীত বুৰ যোৱাৰ লগতে বাসগৃহৰে বাহিৰে-ভিতৰে পানীৰে উপচি পৰে ।

লগতে পঢ়ক:সপৰিয়ালে ভোটদান কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

Last Updated : Apr 6, 2021, 3:57 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.