ETV Bharat / state

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন - preparation of Election

নিৰ্বাচন পৰিচালনা কৰিবলৈ ইতিমধ্যে সাজু হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন ৷ বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনাৰ বাবে অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা ৷

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন

author img

By

Published : Jan 21, 2021, 10:54 PM IST

মৰাণ,21 জানুৱাৰী: সমাগত অসম বিধানসভা নিৰ্বাচন ৷ মাত্ৰ দুটা মাহৰ পাছতেই ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱণা প্ৰকট হৈছে ৷ যাৰ বাবে নিবাৰ্চনক লৈ নিবাৰ্চন আয়োগৰ সমান্তৰালভাৱে সাজু হৈছে ৰাজ্যৰ জিলা প্ৰশাসন সমুহো । নিৰ্বাচন পৰিচালনা কৰিবলৈ ইতিমধ্যে সাজু হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন ৷ বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনাৰ বাবে অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা ৷

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন
সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন

সভাত প্ৰথমেই বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰত নূন্যতম সা-সুবিধাসমূহৰ (Assured Minimum Facilities) উপলব্ধতা সন্দৰ্ভত আলোচনা কৰা হয় ৷ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থকা সভাত উপায়ুক্ত ঝাই প্ৰথমে ভোটগণনা প্ৰক্ৰিয়া সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে ভোটকেন্দ্ৰত থাকিবলগীয়া সা-সুবিধা সমুহ প্ৰতিটো ভোটকেন্দ্ৰত উপলব্ধ আছেনে নাই সেই দিশত আলোচনা কৰি তেনে সুবিধা নথকা ভোটকেন্দ্ৰৰ তালিকা সংশ্লিষ্ট বিভাগৰ সৈতে শ্বেয়াৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

উল্লেখ্য যে,সভাত উপায়ুক্ত ঝাই নিৰ্বাচনী বিষয়াক চক্ৰ বিষয়া আৰু বি এল অ'ৰ পৰা অতি শীঘ্ৰে নূন্যতম সা-সুবিধাৰ উপলব্ধতা সন্দৰ্ভত সঠিক তথ্য সংগ্ৰহ কৰি কৰি সেয়া সংশ্লিষ্ট বিভাগৰ সৈতে আলোচনা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে শ্বেয়াৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে, উক্ত সভাত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী,অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা,ডিপু কুমাৰ ডেকা,সুশান্ত কুমাৰ দত্ত,নন্দিতা বৰুৱা,সহকাৰী আয়ুক্ত জয় শিৱানী আৰু নিৰ্বাচনী বিষয়া ঋষিকেশ বৰুৱা উপস্থিত থাকে ৷

লগতে পঢ়ক:বৰপেটাত অসম জাতীয় পৰিষদৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.