ETV Bharat / state

ডিব্ৰুগড়ৰ বিজেপিৰ সাধাৰণ সম্পাদকৰ কৰ’ণাত মৃত্যু

author img

By

Published : Jun 14, 2021, 11:04 AM IST

ডিব্ৰুগড় জিলা বিজেপিৰ সাধাৰণ সম্পাদক খগেন দত্তৰ ক’ভিড 19 ত মৃত্যু হয় ৷ জানিব পৰা মতে, খগেন দত্ত ক’ভিডত আক্ৰান্ত হৈ বিগত কেইবাদিন ধৰি অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College)ত চিকিৎসাধীন অৱস্থাত আছিল ৷

covid
ডিব্ৰুগড়ৰ বিজেপিৰ এগৰাকী সাধাৰণ সম্পাদকৰ ক’ভিডত মৃত্যু

ডিব্ৰুগড়, 14 জুন : ডিব্ৰুগড় জিলা বিজেপিৰ সাধাৰণ সম্পাদক খগেন দত্তৰ(50) ক’ভিডত মৃত্যু হয় । বিগত দুটা কাৰ্যকালৰ বাবে বিজেপিৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি লাভ কৰি ব্যক্তিজনে দলটোৰ হকে বহু কাম কৰিছিল । বিজেপি দলৰ জ্যেষ্ঠ আৰু নিষ্ঠাবান কৰ্মী খগেন দত্তৰ ঘৰ তিনিচুকীয়াৰ লাইপুলিত ।

covid
খগেন দত্তৰ ফাইল ফটো

জানিব পৰা মতে, খগেন দত্ত ক’ভিডত আক্ৰান্ত হৈ বিগত কেইবাদিন ধৰি অসম চিকিৎসা মহাবিদ্যালয়(Assam Medical College)ত চিকিৎসাধীন অৱস্থাত আছিল । অৱশেষত তেওঁ অতিমাৰী ক’ভিডৰ ওচৰত হাৰ মানে আৰু চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে । ডিব্ৰুগড় জিলাৰ বিজেপিৰ কৰ্মকৰ্তাসকলে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

ইয়াৰোপৰি তেওঁৰ মৃত্য়ুত ডিব্ৰুগড়ৰ লগতে বিজেপিৰ অন্য় জেষ্ঠ নেতা-কৰ্মীসকল মৰ্মাহত হোৱাৰ লগতে পৰিয়াল তথা আত্মীয়লৈ সমবেদনা জনাইছে । উল্লেখ্য় যে, বিজেপিৰ বিষয়ববীয়া উজ্জ্বল কাশ্যপ, মামুন গগৈ মিত্ৰই ইতিমধ্যেই তেওঁৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি নিবেদন কৰি পুণ্যাত্মাৰ সদগতিৰ অৰ্থে প্ৰাৰ্থনা জনাইছে ।

লগতে পঢ়ক : নৌকা যাত্ৰাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.