ETV Bharat / state

পথ মেৰামতিৰ দাবীত নাহৰকটীয়াত আছুৰ প্ৰতিবাদ

অসম-অৰুণাচল সংযোগী মুখ্য পথটো মেৰামতিৰ দাবীত সোমবাৰে নাহৰকটীয়াৰ জয়পুৰত ডিব্ৰুগড় আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত ৷ মুখ্য পথটোত সৃষ্টি হোৱা পুখুৰী সদৃশ বৃহৎ গাঁতবোৰত জাল মাৰি, ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্যমন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে আছুৱে ৷ শীঘ্ৰেই পথটো মেৰামতিৰ দাবী কৰে সংগঠনটোৱে ৷

পথ মেৰামতিৰ দাবীত নাহৰকটীয়াত আছুৰ প্ৰতিবাদ
পথ মেৰামতিৰ দাবীত নাহৰকটীয়াত আছুৰ প্ৰতিবাদ
author img

By

Published : Jul 7, 2020, 12:30 AM IST

নাহৰকটীয়া, 6 জুলাই: অসম-অৰুণাচল সংযোগী জৰাজীৰ্ণ মুখ্য পথটো মেৰামতিৰ দাবীৰে সোমবাৰে ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ জয়পুৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে প্ৰতিবাদ সাব্যস্ত কৰে নাহৰকটীয়া আঞ্চলিক আছুৱে ৷

তিনিচুকীয়া টিৰাপ সংযোগী মুখ্য পথটোত সৃষ্টি হোৱা পুখুৰী সদৃশ বৃহৎ গাঁতবোৰত জাল মাৰি, ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে সংগঠনটোৱে ৷ ইয়াৰোপৰি, বিজেপি চৰকাৰ মূৰ্দাবাদ, বিজেপি চৰকাৰৰ কাম নাই, গড়কাপ্তানি বিভাগ মূৰ্দাবাদ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে জয়পুৰৰ আকাশ-বতাহ কঁপাই তোলে ৷

পথ মেৰামতিৰ দাবীত নাহৰকটীয়াত আছুৰ প্ৰতিবাদ

উল্লেখ্য যে, অসম আৰু অৰুণাচল দুয়োখন ৰাজ্যক সংযোগ স্থাপন কৰা এই মুখ্যপথটিতে অৱস্থিত জৈৱ-বৈচিত্ৰৰে অসমক চহকী কৰা দিহিং পাটকাই অভয়াৰণ্য ৷ আছুৰ অভিযোগ অনুসৰি, পৰ্যটকৰ আকৰ্ষণ বৃদ্ধিৰ বাবে দিহিং পাটকাই মহোৎসৱ পাতি প্ৰতিবছৰে লক্ষ্য লক্ষ্য টকা অপচয় কৰা চৰকাৰৰ কিন্তু বিধ্বস্ত হৈ পৰা পথটোৰ নিৰ্মাণ অথবা মেৰামতিৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব নাই ৷

ইফালে, এই পথটো অতি শীঘ্ৰে নিৰ্মাণ নকৰিলে অনাগত দিনত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি প্ৰতিবাদস্থলীৰ পৰাই সকীয়নি দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি ঋতুপৰ্ণ গগৈয়ে ৷

লগতে পঢ়ক : শিলচৰত পাঁচ লক্ষাধিক মূল্যৰ ব্ৰাউন চুগাৰ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.