ETV Bharat / state

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পানীত উপঙি উঠিল মাছ

author img

By

Published : Nov 12, 2019, 7:11 AM IST

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পানীত কোনো দুষ্টচক্ৰই বিষ ঢালি দিয়াৰ ফলত মৃত্যু হয় বহুটো মাছৰ ৷ ব্ৰহ্মপুত্ৰৰ পানীত মৃত সৰু-ডাঙৰ মাছ উপঙি উঠাক লৈ প্ৰতিক্ৰিয়া প্ৰকৃতিপ্ৰেমী সৌম্যদ্বীপ দত্তৰ ৷

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পানীত উপঙি উঠিল মাছ

ডিব্ৰুগড়, 12 নৱেম্বৰঃ ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পানীত কোনো দুষ্টচক্ৰই মিহলাই দিয়ে বিষ ৷ চহৰখনৰ গাতে লাগি থকা গ্ৰেহেমবজাৰ তিনিকোনিয়া ঘাটত নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা ৷ নিশাৰ অন্ধকাৰৰ সুযোগ লৈ কোনো দুষ্টচক্ৰই ব্ৰহ্মপুত্ৰৰ পানীত বিষ ঢালি দিয়াৰ ফলত পুৱাৰ ভাগলৈ পানীত উপঙি উঠে বহুসংখ্যক মাছ ৷

নৈৰ পানীত উপঙি উঠা বৰালি, বাহু, ৰৌ, ভকুৱা, কুঢ়ি, বৰিয়লা ইত্যাদি বিভিন্ন সৰু-বৰ মাছ ধৰি নিবলৈ ঘাটত সমাগম হয় বহুসংখ্যক মাছমৰীয়াৰ ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ব্ৰহ্মপুত্ৰৰ বুকু শুকাই যোৱা লগে লগে প্ৰতিবছৰে এটা দুষ্ট চক্ৰই এনেদৰে বিহ দি মাছ নিধন কৰি আহিছে । এইবাৰো অনুৰূপধৰনে পানীত বিহ ঢালি মাছ নিধন কৰে যদিও প্ৰশাসনে কোনো কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সকলোৱে । আনহাতে ব্ৰহ্মপুত্ৰৰ বুকুত বিহ ঢালি মাছ নিধন কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰকৃতি প্ৰেমী সংগঠন "ইৰাব-কাৰাব"ৰ সঞ্চালক সৌম্যদ্বীপ দত্তই । এনে ভয়ংকৰ কাৰ্যৰ উচিত তদন্ত কৰি এনে কাৰ্য সংঘটিত কৰা দুষ্ট চক্ৰক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে প্ৰকৃতি প্ৰেমীগৰাকীয়ে ৷

Intro:
ডিব্ৰুগড়ত লুইতৰ বুকুত বিহ ঢালিলে দুৰ্বৃত্তই । নিশাৰে পৰা নদীৰ পাৰত ভীৰ মাছমৰীয়াৰ। উপঙি উঠিছে সৰু-ডাঙৰ বিভিন্ন মাছ ।দুষ্ট প্ৰকৃতিৰ মাছমৰীয়াই  পানীত বিহ ঢালি মাছ নিধন কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সচেতন মহলত। ডিব্ৰুগড় নগৰৰ গাতে লাগি থকা গ্ৰেহেমবজাৰ তিনিকোনিয়া ঘাটত নিশাৰ ভাগত সংঘটিত হয় এই  ভয়ংকৰ কাণ্ড। নিশাৰ ভিতৰতে বিহ ঢালি আন্ধাৰৰ সুযোগ লৈ উপঙি উঠা বৰালি, বাহু,ৰৌ,ভকুৱা,কুঢ়ি,বৰিয়লা ইত্যাদি বিভিন্ন সৰু-বৰ মাছ ধৰি নিয়ে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে ব্ৰহ্মপুত্ৰৰ বুকু শুকাই যোৱা লগে লগে প্ৰতিবছৰে এটা দুষ্ট চক্ৰই  এনেদৰে বিহ দি মাছ নিধন কৰি আহিছে।এইবাৰো অনুৰূপধৰনে পানীত বিহ ঢালি মাছ নিধন কৰে যদিও প্ৰশাসনে কোনো কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সকলোৱে।
আনহাতে ব্ৰহ্মপুত্ৰৰ বুকুত বিহ ঢালি মাছ নিধন কৰা কাৰ্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ  কৰিছে প্ৰকৃতি প্ৰেমী সংগঠন "ইৰাব-কাৰাব"ৰ সঞ্চালক সৌম্যদ্বীপ দত্তই।এনে ভয়ংকৰ কাৰ্যৰ উচিত তদন্ত কৰি এনে কাৰ্য সংঘটিত কৰা দুষ্ট চক্ৰক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।
Byte:-সৌম্যদ্বীপ দত্ত।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.