ETV Bharat / state

হিমন্ত হটাওক, অসম বচাওক শ্লোগানেৰে CPI (ML)ৰ প্ৰতিৰোধ সমদল - গণ সমাৱেশ

CPI Protest at Dibrugarh: "বিজেপি চৰকাৰৰ হাতত আমাৰ দেশ সুৰক্ষিত নহয় ৷ এতিয়া অসমত অৰাজক শাসন চলিছে ৷ মূল্যবৃদ্ধিত অৰাজকতা, নিবনুৱা সমস্যাত অৰাজকতা, মুঠতে চাৰিওফালে অৰাজকতা ৷ হিমন্তৰ নেতৃত্বত অসমৰ উন্নয়নৰ নামত, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰহে উন্নতি হৈছে ৷"-চি পি আই এম এলৰ নেতা

CPI ML protest in Dibrugarh
CPI (ML) প্ৰতিৰোধ সমদল
author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 8:00 PM IST

CPI (ML) প্ৰতিৰোধ সমদল

মৰাণ, 18 ডিচেম্বৰ : "CPI (ML) ৰ ফালৰ পৰা আমি এক অভিযান চলাইছো, বিজেপি হাটাও, দেশ বচাও আৰু হিমন্ত হটাওক অসম বচাওক ৷ বিজেপি চৰকাৰৰ হাতত আমাৰ দেশ সুৰক্ষিত নহয় ৷ এতিয়া অসমত অৰাজক শাসন চলিছে ৷ মূল্যবৃদ্ধিত অৰাজকতা, নিবনুৱা সমস্যাত অৰাজকতা, মুঠতে চাৰিওফালে অৰাজকতা ৷ হিমন্তৰ নেতৃত্বত অসমৰ উন্নয়নৰ নামত, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰহে উন্নতি হৈছে ৷ অসমৰ ৰাইজৰ কোনো উন্নতি হোৱা নাই ৷" চি পি আই এম এলৰ নেতাসকলে বৃহৎ প্ৰতিৰোধী সমদল উলিয়াই ডিব্ৰুগড়ৰ ৰাজপথ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে, লুণ্ঠন আৰু সাম্প্রদায়িকবাদৰ বিৰুদ্ধে ইণ্ডিয়া শীর্ষক চিপিআই ( এম এল) ৰাজ্যিক সমিতিয়ে ঘোষণা কৰা মাহজোৰা প্ৰচাৰ অভিযানৰ অংশ স্বৰূপে চিপিআই(এম এল)ৰ ডিব্ৰুগড় জিলা সমিতিৰ '24 ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ডিব্ৰুগড়ত শক্তি প্ৰদৰ্শন কৰে বাওঁপন্থী CPI (ML) এ। বিজেপি চৰকাৰৰ লুন্ঠন আৰু প্ৰতাৰণাৰ বিৰুদ্ধে বিশাল সংকল্প সমাৱেশ উলিয়াই বাওঁপন্থী সংগঠনটোৱে।

লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ সংকল্পৰে চহৰখনৰ আৰক্ষী অধীক্ষকৰ আৱাসগৃহৰ পৰা সোমবাৰে বিশাল প্ৰতিবাদী সমদল উলিয়াই। প্ৰায় 5 সহস্ৰাধিক বাঁওপন্থী কৰ্মীয়ে মানকটা পথেৰে সমদল উলিয়াই বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

CPI (ML)ৰ ৰাজ্যিক সম্পাদক বিবেক দাস আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বলীন্দ্ৰ শইকীয়াৰ নেতৃত্বত ৰূপায়িত এই প্ৰতিবাদী সংকল্প সমাৱেশত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি ডিব্ৰুগড়ৰ ৰাজপথ উত্তাল কৰে ৷ এই প্ৰতিৰোধ সমদলৰ জৰিয়তে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লুন্ঠনৰ বিৰুদ্ধে কঠোৰ ভাষাৰে সমালোচনা কৰে CPI (ML)ৰ নেতাসকলে । এই কাৰ্যসূচীৰ পাছতে ডিব্ৰুগড় চৰকাৰী ল'ৰা উচ্চতৰ মাধ্যমিক খেলপথাৰত সংগঠনটোৰ গণ সমাৱেশ অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক: আকৌ ব্যৰ্থ হ’ল গৃহ বিভাগ : সময়মতে স্পষ্ট কৰিব নোৱাৰিলে স্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.