ETV Bharat / state

মুখ্যমন্ত্ৰীৰ উপস্থিতিত ডিব্ৰুগড়ত COVID-১৯ প্ৰতিষেধক অভিযান আৰম্ভ

ডিব্ৰুগড় জিলাৰ অসম চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়স্থিত ডি ই আই চেণ্টাৰত মুখ্যমন্ত্ৰী সোণোৱালে অসম চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ৰ ১০০ জন চিকিৎসক, নাৰ্ছ, চিকিৎসাকৰ্মীৰ বাবে এই COVID-১৯ প্ৰতিষেধক বা টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে । শুভাৰম্ভ কৰাৰ পিছতে এ এম চি এইছৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি আৰু আন চাৰিগৰাকী জেষ্ঠ্য চিকিৎসক ডাঃ হেমচন্দ্ৰ কলিতা, ডাঃ আৰ পি মেধি, ডাঃ শান্তনু লহকৰ, ডাঃ গিৰিন গগৈয়ে COVID-১৯ প্ৰতিষেধক গ্ৰহণ কৰে ।

author img

By

Published : Jan 16, 2021, 2:06 PM IST

Updated : Jan 16, 2021, 2:17 PM IST

মুখ্যমন্ত্ৰীৰ উপস্থিতত ডিব্ৰুগড়ত COVID-১৯ প্ৰতিষেধক অভিযান আৰম্ভ

ডিব্ৰুগড়, ১৬ জানুৱাৰী: শনিবাৰৰ পৰা সমগ্ৰ দেশৰ লগতে অসমৰ ৬৫ টা স্থানত আৰম্ভ হৈছে COVID-১৯ প্ৰতিষেধক তথা টীকাকৰণ অভিযান । পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হৈছে এই অভিযান । ডিব্ৰুগড় জিলাতো শনিবাৰে আৰম্ভ হয় টীকাকৰণ অভিযান । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই অভিযানৰ শুভাৰম্ভ কৰা হয় ।

শুভাৰম্ভ কৰাৰ পিছতে  COVID-১৯ প্ৰতিষেধক গ্ৰহণ কৰে চিকিৎসকসকলে

ডিব্ৰুগড় জিলাৰ অসম চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়স্থিত ডি ই আই চেণ্টাৰত মুখ্যমন্ত্ৰী সোণোৱালে অসম চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ৰ ১০০ জন চিকিৎসক, নাৰ্ছ, চিকিৎসাকৰ্মীৰ বাবে এই COVID-১৯ প্ৰতিষেধক বা টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে । অসম চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ত প্ৰতিষেধকৰ বাকছ স্বাস্থ্য বিভাগৰ বিষয়ববীয়া সকলক হস্তান্তৰ কৰি মুখ্যমন্ত্ৰী সোণোৱালে এই COVID-১৯ প্ৰতিষেধক তথা টীকাকৰণ অভিযানৰ শুভাৰম্ভ কৰাৰ পিছতে এ এম চি এইছৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি আৰু আন চাৰিগৰাকী জেষ্ঠ্য চিকিৎসক ডাঃ হেমচন্দ্ৰ কলিতা, ডাঃ আৰ পি মেধি, ডাঃ শান্তনু লহকৰ, ডাঃ গিৰিন গগৈয়ে COVID-১৯ প্ৰতিষেধক গ্ৰহণ কৰে ।

প্ৰতিষেধক সমল্বিত বাকছ স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলক হস্তান্তৰ মুখ্যমন্ত্ৰীৰ

উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাত শনিবাৰে অসম চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয় আৰু বৰবৰুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ১০০ জনকৈ অৰ্থাৎ মুঠ ২০০ জন চিকিৎসক, নাৰ্ছ , চিকিৎসা কৰ্মীক প্ৰতিষেধক প্ৰদান কৰা হয় ।

শনিবাৰৰ এই শুভাৰম্ভণি অনুষ্ঠানত কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক সকল ক্ৰমে ঋতুপৰ্ণ বৰুৱা, শ্ৰীযুত বিমল বৰা, প্ৰশান্ত ফুকন, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত ডিপু কুমাৰ ডেকা উপস্থিত থাকে ।

লগতে পঢ়ক: কোন জিলাৰ ক'ত ক'ত সম্পন্ন হ'ব COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া?

Last Updated : Jan 16, 2021, 2:17 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.