টিংখাং, 20 মে’ : ডিব্ৰুগড় জিলাৰ টিংখাঙৰ চাহ বাগিচাত আৰম্ভ হৈছে ক’ভিডৰ দ্ৰুত সংক্ৰমণ ৷ টিংখাঙৰ কেন্দুগুৰি চাহ বাগিচাত 10 জন আৰু দিল্লীবাৰী চাহ বাগিচাত ১২ জন লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি ৷
কেন্দুগুৰি বাগিচাখনৰ ২৫০ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল ৷ তাৰে ১০ জন লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷ আক্ৰান্তসকলৰ এজন বাগিচাখনৰ উপ পৰিচালক, এজন পুৰোহিত আৰু আঠগৰাকী শ্ৰমিক ৷
লগতে পঢ়ক : ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ বৰপেটাত উপস্থিত মুখ্যমন্ত্ৰী